নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ৩১ ডিচেম্বৰত ৬ কোটিৰ সুৰা বিক্রী

নিয়মীয়া বার্তা, ২ জানুৱাৰী: ক’ভিড মহামাৰীৰ ভয়াৱহতাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰবাসীয়ে আনন্দ–উল্লাসেৰে আদৰিলে ইংৰাজী নৱবর্ষক৷ আৰক্ষী–প্রশাসনৰ নির্দেশনাক সন্মান জনাই মহানগৰবাসীয়ে নতুন বছৰক আদৰাৰ লগতে সপৰিয়ালে লগে–ভাগে এসাঁজ খাই ইজনে–সিজনক যাচিলে নতুন বছৰৰ ওলগ৷

মন কৰিবলগীয়া কথা যে সুৰাপায়ী চালকৰ বিৰুদ্ধে যান–বাহন আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্রহণ কৰি ৰাজপথত ব্যাপক তালাচী অভিযান চলোৱাৰ পাছতো ৩১ ডিচেম্বৰত মহানগৰীত ৬ কোটি টকাৰ দেশী–বিদেশী সুৰাৰ বিক্রী হয়৷ প্রাপ্ত খবৰ মতে কালি পুৱাৰে পৰা নিশাপর্যন্ত মহানগৰীৰ সুৰাৰ বিপণীত গ্রাহকে ব্যাপক ভিৰ কৰে৷ কালিৰ দিনটোত মহানগৰীৰ বিভিন্ন প্রান্তৰ সুৰাৰ বিপণীত ছয় কোটি টকাৰ সুৰা বিক্রী হয়৷ ইপিনে সুৰাপায়ী চালকৰ বিৰুদ্ধে যান–বাহন আৰক্ষীয়ে অভিযান চলাই ১১৫জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে ৬৩খন গাড়ীচালনাৰ অনুজ্ঞাপত্র জব্দ কৰাৰ উপৰি মুঠ ৩৭খন গাড়ী চালনাৰ অনুজ্ঞাপত্র বাতিল কৰে৷

You might also like