নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ মুখ্যমন্ত্রী ড০ শর্মাৰ মন্ত্রীসভাৰ সম্প্ৰসাৰণ, সম্ভাব্য তালিকাত কোন কোন ?

ডিজিটেল ডেস্ক, ৪ জুন : প্রতীক্ষাৰ অন্ত পেলাই কাইলৈ (৫ জুন) সম্প্রসাৰণ ঘটিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্ত্রীসভাৰ৷ কেন্দ্রীয় নেতৃত্বৰ পৰা মন্ত্রিত্বৰ তালিকা চূড়ান্ত কৰি ইতিমধ্যে গুৱাহাটীত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ শর্মাই অৱশ্যে এতিয়াও প্রকাশ কৰা নাই সম্ভাব্য মন্ত্রীসকলৰ নাম৷

শুকুৰবাৰে দুপৰীয়া ১২.৪৫ বজাত খানাপাৰাৰ জ্যোতি–বিষ্ণু আন্তর্জাতিক কলাকেন্দ্রত হ’বলগীয়া শপতগ্রহণক লৈ উৎকণ্ঠাৰে সকলোৱে বাট চাই থকাৰ সময়তে মন্ত্রীসভাৰ এই সম্প্রসাৰণৰ বাবে প্রস্তুতি তুংগত তুলিছে ৰাজ্য প্রশাসনে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সম্প্রসাৰিত হ’ব লগা মন্ত্রীসভাত কোনে এন্ট্ৰী মাৰিব তাক লৈ জল্পনা–কল্পনা চলি থকাৰ মাজতে শপতগ্রহণ অনুষ্ঠানৰ বাবে বিশিষ্ট অতিথিলৈ নিমন্ত্রণী–পত্র প্রেৰণ কৰাৰ লগতে দিল্লীৰ অতিথিৰ তালিকাও ৰাজ্য প্রশাসনে সাজু কৰি তুলিছে৷ ইতিমধ্যে শপতগ্রহণ অনুষ্ঠানত সকলো দিশ তদাৰক কৰাৰ কাৰণে ৮গৰাকী এচিএছ বিষয়াক বিশেষ দায়িত্ব অর্পণ কৰা হৈছে৷

উল্লেখ্য যে সম্প্রসাৰিত হ’ব লগা মন্ত্রীসভাত কোনে কোনে স্থান পাব তাক লৈ এতিয়াও অব্যাহত আছে জল্পনা–কল্পনা৷ মুখ্যমন্ত্রীৰ চাৰিদিনীয়া দিল্লী যাত্রাত চূড়ান্ত হোৱা মন্ত্রীৰ তালিকা আজি সন্ধিয়া মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে যোৱা ১২ মে’ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে মন্ত্রী হিচাপে শপত লৈছিল ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগে৷

নতুনকৈ সম্প্রসাৰিত হ’ব লগা তালিকাত কোনে কোনে স্থান পাব, তাক লৈ ইতিমধ্যে অব্যাহত আছে চর্চা৷ ইয়াৰ মাজতে মুখ্যমন্ত্রী ড০ শর্মাৰ মন্ত্রীসভাত পূর্বৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে স্থান লাভ কৰাটো নিশ্চিত হৈছে৷ একেদৰে উজনি অসমৰ পৰা মন্ত্রীসভাত স্থান পাব পাৰে বিমল বড়া, সুশান্ত বৰগোহাঁয়ে আৰু বলীন চেতিয়াৰ নাম অন্তর্ভুক্ত হোৱাৰ সম্ভাৱনা আছে৷ উত্তৰ অসমৰ পৰা ৰণোজ পেগুৰ লগতে নাম অন্তর্ভুক্ত হ’ব পাৰে পল্লৱলোচন দাস, ভূপেন বৰাৰ৷ আনহাতে, মধ্য অসমৰ পৰা প্রতিনিধিত্ব কৰাৰ সুযোগ পাব পীয়ূষ হাজৰিকাই৷ ইফালে, নামনি অসমৰ পৰা মন্ত্রীসভাত স্থান লাভ কৰাটো নিশ্চিত জয়ন্ত মল্ল বৰুৱাই৷ তালিকাত গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰৰো নাম অন্তর্ভুক্ত হোৱাৰ সম্ভাৱনা আছে৷ ইফালে, পুনৰ বৰাকক প্রতিনিধিত্ব কৰাৰ সম্ভাৱনা আছে কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালৰ৷

অৱশ্যে এনে সম্ভাৱনীয়তাৰ পাছতো মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ মন্ত্রীসভাখনত সকলো জাতি–জনগোষ্ঠীক কিদৰে প্রতিনিধিত্ব দিয়ে সেয়া লক্ষণীয় হ’ব৷ মন্ত্রীসভাত সকলো জনগোষ্ঠীয়ে প্রতিনিধিত্ব লাভ কৰাৰ সম্ভাৱনাৰ কথা পূর্বে মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছিল৷ একে সময়তে নির্বাচনৰ পূর্বে কংগ্রেছ এৰি বিজেপিলৈ অহা ভূপেন বৰা আৰু প্রদ্যুৎ বৰদলৈক এই মন্ত্রীসভাত অন্তর্ভুক্ত কৰাব নে নাই, সেয়া লক্ষণীয় হ’ব৷ সমান্তৰালভাৱে নতুন মুখ তথা যুৱপ্রজন্মৰ প্রতিনিধিকো মন্ত্রীসভাত স্থান দিয়াৰ সম্ভাৱনা যথেষ্ট৷ এনে অৱস্থাত শুকুৰবাৰে হ’ব লগা মন্ত্রীসভাৰ সম্প্রসাৰণক লৈ উৎকণ্ঠা এতিয়াও অব্যাহত আছে৷

You might also like