বিশ্বনাথৰ বামগাঁও আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ২ জানুৱাৰী: আজি বিশ্বনাথ চাৰিআলিৰ বামগাঁও ৪ নম্বৰ ৱাৰ্ডত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে শিশু আৰু অংগনৱাড়ী কৰ্মীসকলৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
বিভিন্ন শিশু উপযোগী সা-সুবিধাসম্পন্ন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটোৱে শিশুৰ গঠনমূলক স্তৰত সামগ্ৰিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে গৰ্ভৱতী মহিলা আৰু স্তনপান কৰাই থকা মাতৃসকলৰ ক্ষেত্ৰত পৰ্যাপ্ত পুষ্টি আহৰণ নিশ্চিত কৰিব পাৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
As part of our efforts to ensure nutrition of pregnant women, lactating mothers & children, inaugurated Bamgaon Ward No 4 Model Anganwadi Centre at Biswanath & interacted with children & Anganwadi workers.
We’re committed to set up 10,000 such AWCs in future. pic.twitter.com/OOMjyhRt7I
— Himanta Biswa Sarma (@himantabiswa) January 2, 2022
ইয়াৰোপৰি আগন্তুক সময়ছোৱাত সমগ্ৰ ৰাজ্যত এনেধৰণৰ ১০,০০০ নতুন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সৈতে সতীৰ্থ মন্ত্ৰীদ্বয় অজন্তা নেওগ আৰু পীযুষ হাজৰিকা, সাংসদ পল্লৱ লোচন দাস আৰু বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত থাকে।
লগতে পঢ়কঃ টুইটাৰ ট্ৰেণ্ডিঙত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাঃ দ্বিতীয় স্থানত #ThanxHimantaMama