শুৱালকুছিত উদযাপন কৰা হল নাটৰাজ কলা উৎসৱ
সাংবাদিক পুলিন দাস আৰু ড° বিকুল দাসলৈ প্ৰদান কৰিলে নটৰাজ কলা বটাঁ
নিয়মীয়া বাৰ্তা, ২ জানুৱাৰী: নৱবৰ্ষৰ প্ৰথমটো দিনতে বস্ত্ৰনগৰী শুৱালকুছিৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ সেউজ বালিচৰত দেখা গল এক উৎসৱ মুখৰ পৰিৱেশ। প্ৰতিবছৰৰ দৰে এইবেলিও শুৱালকুছি নটৰাজ কলা কেন্দ্ৰ আৰু মহাবাহু ফাউণ্ডেচনৰ সহযোগত শুৱালকুছি কলা উৎসৱ আয়োজন কৰা হয় ৷ অনুষ্ঠানটিত বিহু , নৃত্য , ভৰতাল নৃত্যকে আদি কৰি নানা সাংস্কৃতিক কাৰ্যসূচীৰে বছৰটোৰ প্ৰথম দিনাই মনোমোহা কৰি তোলে শুৱালকুছি পৰিবেশ। ইয়াৰ মাজতে বিশিষ্ট চিকিৎসক শুৱালকুছি সুসন্তান কৰ্কট ৰোগৰ বিষয়ে গৱেষণা কৰা আমেৰিকা নিবাসী ড° বিকুল দাস আৰু প্ৰতিদিন টাইমৰ স্হানীয় সাংবাদিক পুলিন দাসলৈ আগবঢ়োৱা হয় শুৱালকুছি “নটৰাজ কলা বটাঁ”৷ চিকিৎসক বিকুল দাসৰ অনুপস্থিতিত তেখেতৰ জ্যেষ্ঠ ভাত্য়ে গ্ৰহন কৰে বটাঁ। চিকিৎসক, সমৰকলা,সাংস্কৃতিক, শিক্ষা জগতৰ কেইবাটাও শাখাত প্ৰদান কৰা হয় এই বটা। বটাঁপ্ৰাপ্ত আন আন লোকসকল হৈছে শংকৰী কলা সাধক যোগেশ্বৰ মহন্ত, সু-প্ৰসিদ্ধ বাহী বাদক নিকুঞ্জ পাঠক, লোকশিল্পী বিৰেন দাস,জেষ্ঠ শিপিনি ভৃগু ৰাম কলিতা, লিখিকা শিক্ষয়তী গৌৰি দেৱা অধিকাৰী, জেষ্ঠ সাংবাদিক যোগেন ভৰালি। চিত্ৰশিল্পী দূৰ্গা দাস, ব্যৱসায়ী হীৰালাল কলিতাকো প্ৰদান কৰা হয় ২০২১ কলা সন্মান। অনুষ্ঠানটিত সাংস্কৃতিক কাৰ্যসূচীৰ লগতে ছাত্ৰছাত্ৰী সকলোৰ মাজত আয়োজন কৰে বিভিন্ন খেলধেমালিৰ লগতে আয়োজন ছাত্ৰ ছাত্ৰীৰ মাজত অনুস্থিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা৷ কলা উৎসৱ উপলক্ষে অনুস্থিত হোৱা চিত্ৰাংকন প্ৰতিযোগীতা পুৰস্কাৰ প্ৰাপ্ত সকল ক্ৰমে ক শাখাত প্ৰথম দেবাচিচ দাস,দ্বিতীয় ভাৰবিকা বৈশ্য,তৃতীয় নিকুলাচ দাস আৰু নিচুকনি জিৎ কাকতি । খ শাখাত প্ৰথম ধৃতিস্মান কলিতা,দ্বিতীয় ভূমিকা পাঠক , তৃতীয় স্মিতা চৌধৰী, আৰু নিচুকনি বটাঁ লাভ কৰে হৰষিতা দাসে । নৱবৰ্ষৰ পহিলা দিনটোত এনেদৰে গীতেমাতে জীপাল হৈ পৰে শুৱালকুছি সেউজ বালিচৰ ।
প্ৰেৰকঃ দিলীপ মেধি, শুৱালকুছি