নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰী: আজি জোনাইত কেবাটাও কাৰ্যসূচীলৈ পুৱাতে উপস্থিত হয় শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু৷ মহকুমাটোৰ নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান জ’নাই বালিকা মহাবিদ্যালয়ত উপস্থিত হয় শিক্ষামন্ত্ৰী জনে মহাবিদ্যালয়টোত স্থাপন কৰা এখনি আধুনিক ভাৰ্চুৱেল ক্লাছ ৰূমৰ শুভাৰম্ভ কৰে৷ আধুনিক ক্লাছ ৰুমটোৰ শুভাৰম্ভ কৰি শিক্ষামন্ত্ৰী জনে বৰ্তমান সময়ত এনে এখনি আধুনিক শ্ৰেণীকক্ষৰ প্ৰয়োজন৷ এনে আধুনিক শ্ৰেণী কক্ষই ছাত্ৰ- ছাত্ৰী সকলৰ শৈক্ষিক মানদণ্ড বহু পৰিমাণে বৃদ্ধি কৰে বুলি শিক্ষা মন্ত্ৰীজনে মন্তব্য কৰে৷ ইয়াৰ পিছতে শিক্ষামন্ত্ৰী জনে জোনাইৰ বিশিষ্ট শিক্ষাবিদ ডিৰাম কুম্বাংৰ এখনি প্ৰতিমূৰ্তি উন্মোচন কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ জোনাই চিৰকি নানৌ ৰাজহুৱা স্থানত জোনাই মহকুমটোৰ বিশিষ্ট শিক্ষাবিদ জনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি কয় সমাজৰ বাবে অৱদান আগবঢ়াই যোৱা বিশিষ্ট লোকসকলৰ স্মৃতি যুগমীয়া কৰিবলৈ এনেদৰে প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়৷

ইফালে  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাৰ চিমেন চাপৰিস্থিত নামঘৰ উন্নীতকৰণ আঁচনিৰ আধাৰশিলা স্থাপন কৰে অসমৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন(বিটিএডিৰ বাহিৰৰ)মন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে। জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত অসম চৰকাৰৰ ২০২১-২০২২ বিত্তীয় বৰ্ষৰ বিধায়ক পুঁজিৰ ৯.১০ লাখ টকাৰ পুঁজি ধাৰ্য্যকৃত আঁচনিখনৰ আধাৰশিলা স্থাপন কৰি কয় ২০২৩ চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাত অনুষ্ঠিত হ’বলগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক প্ৰাদেশিক অধিৱেশনখনৰ প্ৰস্তুতিৰ কামকাজ আজিৰে পৰা আৰম্ভ কৰিম বুলি উল্লেখ কৰি সংঘৰ আগন্তুক প্ৰাদেশিক অধিৱেশন জোনাই জিলা শাখাত অনুষ্ঠিত কৰা বিষয়ে আজি ধেমাজিলৈ অহা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিকভাৱে অৱগত কৰিব আৰু কাইলৈ নগাঁৱত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ কথা উনুকিয়াই তাত সংঘৰ কেন্দ্ৰীয় সমিতিৰ সৈতেও ২০২৩ চনত জোনাই জিলা শাখাত অনুষ্ঠিতব্য ধৰ্মীয় অনুষ্ঠানটোৰ প্ৰাদেশিক অধিৱেশনৰ সাফল্যমণ্ডিত কৰি তোলা বিষয়ত আলোচনাত মিলিত হ’ব বুলি আধাৰশিলা স্থাপন কৰি দিয়া ভাষনত কয় শিক্ষামন্ত্ৰীগৰাকীয়ে।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া,অধ্যক্ষ সুনীল পেগু, কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা,গণশক্তিৰ নেতা পদ্মনাথ চাৰহ উপস্থিত থকা অনুষ্ঠানত শিক্ষামন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ এইখন চৰকাৰৰ দিনত ভূৱা ডিগ্ৰী,ভূৱা নথিপত্ৰ দি কোনেও বাছি যাব নোৱাৰে বুলি কৈ জনগোষ্ঠী তথা স্থানীয় ৰাইজে বিচাৰিলে প্ৰাথমিক পৰ্যায়ত মাতৃ ভাষা মাধ্যমত শিক্ষাদান দিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি বক্তব্য দাঙি ধৰি সংশোধনী গো সুৰক্ষা আইনে আন্তঃৰাষ্ট্ৰীয় সীমাৰে সংলগ্ন জিলাৰ বাহিৰে আন্তঃজিলাৰ মাজত গো ব্যৱসায়ৰ চলাচলৰ বাধা আতৰাইছে বুলি কয়।

You might also like