নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত আজিৰে পৰা আৰক্ষী অধীক্ষক সন্মিলন

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ তৈলনগৰী দুলীয়াজানত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’ব আৰক্ষী অধীক্ষক সন্মিলন৷ অইল ইণ্ডিয়া লিমিটেডৰ জালনী ক্লাবত অনুষ্ঠিতব্য আৰক্ষী অধীক্ষক সন্মিলনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত থাকিব৷ ইতিমধ্যে  দেওবাৰে সন্ধিয়াৰ ভাগত দুলীয়াজানত উপস্থিত হৈছে মুখ্যমন্ত্রী ড০ শর্মা৷ সন্মিলনখনৰ কাম–কাজ তদাৰক কৰি থকা মন্ত্রী বিমল বড়া, দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা আৰু অসম গেছ কোম্পানীৰ অধ্যক্ষ বলীন চেতিয়াৰ লগতে কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীয়ে দুলীয়াজানত মুখ্যমন্ত্রী ড০ শর্মাক সংগ দিয়ে৷

মুখ্যমন্ত্রী ড০ শর্মাই দেওবাৰে নিশাটো কটাব অহল ইণ্ডিয়া লিমিটেডৰ অতিথিশালা এফ ১৪ত৷ আনহাতে দেওবাৰে আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ লগতে ৰাজ্যখনৰ প্রায়বিলাক জিলাৰ আৰক্ষী অধীক্ষকসহ ডচ্চপদস্থ বিষয়াসকল আহি দুলীয়াজানত উপস্থিত হৈছে৷ সন্মিলনখনত ৰাজ্যৰ ১৩০জনকৈ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু মহকুমা আৰক্ষী বিষয়া ডপস্থিত থাকিব৷ আনহাতে আজি অইল হণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ লোকক ক’ভিড টিকাকৰণ শিবিৰ মুকলি কৰিব মুখ্যমন্ত্রী ড০ শর্মাই৷

You might also like