নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ আফ্রিকাৰ মাটিত ঐতিহাসিক শৃংখলা জয়ত চকু টীম ইণ্ডিয়াৰঃ ৱাণ্ডাৰার্ছত আজিৰে পৰা দ্বিতীয় টেষ্ট

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ দক্ষিণ আফ্রিকাৰ মাটিত প্রথমটো টেষ্ট শৃংখলা জয়ৰ লক্ষ্যৰে টীম ইণ্ডিয়াই আজিৰ পৰা দ্বিতীয় টেষ্টত অৱতীর্ণ হ’ব৷ জোহান্সবার্গৰ ৱাণ্ডাৰার্ছত অনুষ্ঠিত হ’বলগীয়া মেচখনত জয়ী হ’লে বিৰাট কোহলি বাহিনীয়ে ২–০ৰ অগ্রগতিৰে তিনিখন মেচৰ টেষ্ট শৃংখলাত শ্রেষ্ঠত্ব অর্জন কৰিবলৈ সক্ষম হ’ব৷ ইতিমধ্যে প্রথম টেষ্টত চমকপ্রদ জয়েৰে আত্মবিশ্বাসী হৈ থকা আলহী দলটোৱে ফেভাৰিট হিচাপে দ্বিতীয় টেষ্টত দক্ষিণ আফ্রিকাৰ মুখামুখি হ’ব৷ ইংলেণ্ড আৰু অষ্ট্রেলিয়াৰ মাটিত টেষ্ট শৃংখলা জয়েৰে ইতিহাস ৰচা কোহলি বাহিনীয়ে দ্বিতীয় টেষ্টতো পাঁচজন বলাৰৰ সৈতে খেলপথাৰত নমাৰ সম্ভাৱনা আছে৷ প্রথম টেষ্টত বিশেষ প্রভাৱ বিস্তাৰ কৰিব নোৱৰা বলিং অলৰাউণ্ডাৰ শার্দূল ঠাকুৰৰ স্থানত আজি হয়তো তাৰকা বেগী বলাৰ উমেশ যাদৱে মূল একাদশত স্থান পাব৷ বেটিঙত অভিজ্ঞ তাৰকা শ্বেটেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেৰ দুর্বল ফর্মে টীম ইণ্ডিয়াক চিন্তাত ৰাখিছে যদিও দুয়োগৰাকীয়ে আজি আন এক সুযোগ পোৱাটো একপ্রকাৰ নিশ্চিত৷ প্রশিক্ষক ৰাহুল দ্রাবিড়ে পূজাৰা আৰু ৰাহানেৰ দীর্ঘদিনীয়া অভিজ্ঞতা আৰু দক্ষতাক লৈ আস্থা প্রকাশ কৰিছে৷ আজি এই দুই অভিজ্ঞ বেটছমেনে মূল একাদশত স্থান পালে শ্রেয়াছ আয়াৰ আৰু হনুমা বিহাৰী পুনৰ এবাৰ ড্রেছিং ৰুমত বহিব লাগিব৷

ইফালে, শৃংখলাৰ প্রথমখন মেচত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত ঘৰুৱা দল দক্ষিণ আফ্রিকা সম্প্রতি তীব্র চাপত আছে৷ তাৰকাসমৃদ্ধ ভাৰতীয় বলিং আক্রমণৰ বিৰুদ্ধে মোকাবিলা কৰাটো দলটোৰ বাবে তীব্র প্রত্যাহ্বানস্বৰূপ হৈ পৰিছে৷ কোনো এগৰাকী বেটছমেনে যশপ্রীত বুমৰাহ, মহম্মদ ছামি, মহম্মদ ছিৰাজ আৰু ৰবিচন্দ্রন অশ্বিনৰ দৰে তাৰকাক দক্ষতাৰে খেলিব নোৱৰাটো দক্ষিণ আফ্রিকাৰ বাবে সমস্যা হৈ পৰিছে৷ দুর্বল বেটিং বিভাগৰ এই শোচনীয় ব্যর্থতাৰ মাজতে তাৰকা উইকেটৰক্ষক বেটছমেন কুইণ্টন ডি ককৰ আকস্মিক অৱসৰে দক্ষিণ আফ্রিকাক বিপদত পেলাইছে৷ ডি ককৰ অনুপস্থিতিত দ্বিতীয় টেষ্টত ২৫ বছৰীয়া উদীয়মান উইকেট ৰক্ষক ৰিয়ান ৰিকলটনে টেষ্ট অভিষেক ঘটোৱাটো এক প্রকাৰ নিশ্চিত৷ ঘৰুৱা ক্রিকেটত তেওঁ যথেষ্টসংখ্যক ৰান কৰি ছিনিয়ৰ দললৈ আমন্ত্রণ লাভ কৰিছে যদিও যশপ্রীত বুমৰাহ আৰু মহম্মদ ছামিৰ দৰে বিশ্বমানৰ বলাৰৰ সন্মুখীন হোৱাটো নৱাগত খেলুৱৈগৰাকীৰ বাবে সহজ নহ’ব৷ ইফালে, প্রথম টেষ্টত আঘাতৰ সন্মুখীন হোৱা মুল্ডাৰৰ স্থানত কাইলৈ ডোৱানী অলিভাৰে সুযোগ পোৱাৰ সম্ভাৱনা আছে৷

You might also like