বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ হালধীয়া গাওঁ পঞ্চায়তত এম জি এনৰেগাৰ কামত বিয়াগোম দুৰ্নীতিৰ অভিযোগ
পঞ্চায়ত সদস্য হেমেন কলিতিৰ বিৰুদ্ধে এই অভিযোগ। তদন্ত বিচাৰি ৰাইজৰ তীব্ৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা ৬ জানুৱাৰী: কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত হালধীয়া গাওঁ পঞ্চায়তত এম জি এনৰেগা আচনিঁ ৰূপায়নত বিয়াগোম দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। ২০২০/২১ বৰ্ষত পঞ্চায়ত খনৰ ৰহা গাৱৰ সাৰ্বজনীন শ্মসানৰ খেল পথাৰ মাটি পেলোৱা(Earth Filling) বাবদ এম জি এনৰেগা ৰ আচনিৰ জড়িয়তে ২৭ লাখ ৯১ হাজাৰ টকা আবন্টন দিয়ে। কিন্তু পঞ্চায়ত খনৰ ১০ নং ৱাৰ্ডৰ সদস্য হেমেন কলিতাই মাত্ৰ ১/২ লাখ টকাৰ কাম কৰি বাকী টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ কৰিছে ৰহা গাঁৱৰ সাধাৰণ ৰাইজে। ইতিমধ্যে পঞ্চায়ত সদস্য হেমেন কলিতাই উৰ্ধতন কৰ্তৃপক্ষৰ জড়িয়তে আবন্টিত ধনৰ ২১ লক্ষ্যাধিক টকা মোকলাই সিংহভাগ টকা আত্মসাৎ কৰাত ৰাইজৰ চকু কপালত উঠিছে। যাৰ ফলত ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি ৰহা গাৱৰ কেইবা শতাধিক পুৰুষ মহিলাই হেমেন কলিতাই সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই বিয়াগোম দুৰ্নীতিত লগত আৰু কোন কোন চৰকাৰী বিষয়া জড়িত আছে তদন্তমুলে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসৰ ওচৰত দাবী জনাইছে ৰাইজে। উল্লেখ্য যে পঞ্চায়ত সদস্য হেমেন কলিতাৰ বিৰুদ্ধে পুৰ্বেও চৰকাৰী আচনিঁ ৰূপায়নত ব্যাপক দুৰ্নীতি সংঘটিত কৰি চৰকাৰী ধন আত্মসাৎ কৰাৰ একাধিক অভিযোগ আছে।