নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাট আৰক্ষীৰ জালত ৩ কুখ্যাত জাল নোট ব্যৱসায়ী

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ  নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীৰ সাফল্য অভিযান | বহি:ৰাজ্যৰ মহিলাসহ ২ জন জাল নোট চক্ৰৰ লগত জড়িত থকা লোকক আটক | এক গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে অভিযান চলাই জাল নোট চক্ৰক আটক কৰে | ৰূপহীহাটৰ বৰঘাটত অভিযান চলাই আটক কৰে ৩ জন কুখ্যাত জাল নোট ব্যৱসায়িক | এই অভিযানত জাল নোট বনোৱা মেচিনসহ ৩ জনক আটক কৰে আৰক্ষীয়ে | আটকাধীন অৰুনাচলৰ স্বপনা ছাংফা, উদয় শংকৰ স্বাকমা আৰু ত্ৰিপুৰাৰ ত্ৰিশ্বংকাৰ স্বকমা | দীৰ্ঘদিন ধৰি এই চক্ৰটোৱে ভিতৰুৱা গাঁও অঞ্চলত এক সন্ত্ৰাসৰ সৃষ্টি কৰা বুলি অভিযোগ তুলিছে একাংশই |

You might also like