নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনকেন্দ্রিক হিংসাত উত্তপ্ত কটন, আহত ২৪ শিক্ষার্থী

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ নির্বাচনকেন্দ্রিক হিংসাত উত্তপ্ত হৈ পৰিল ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ চৌহদ৷ কালি বিশ্ববিদ্যালয়খনৰ ছাত্র একতা সভাৰ নির্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে নিশা দুটা হোষ্টেলৰ শিক্ষার্থীৰ মাজত হোৱা সংঘর্ষই ল’লে চূড়ান্ত ৰূপ৷ অভিযোগ অনুসৰি বিশ্ববিদ্যালয়খনৰ সীতানাথ ব্রহ্ম চৌধুৰী (এছ এন বি চি)ৰ আৱাসীসকলে মহেন্দ্রনাথ ডেকাফুকন (এম এন ডি পি)ৰ শিক্ষার্থীসকলৰ ওপৰত কৰা আক্রমণত আহত হৈছে ২৪জনকৈ শিক্ষার্থী৷ আহত আটাইকেইজনে এম এন ডি পি হোষ্টেলৰ বাসিন্দা বুলি জানিব পৰা গৈছে৷ প্রাপ্ত তথ্য অনুসৰি নিশা আহত ছাত্রসকলক প্রাথমিক চিকিৎসা প্রদান কৰাৰ পাছত হাস্পতালৰ পৰা আহিবলৈ অনুমতি দিয়া হয় যদিও প্রজ্ঞান প্রতিম বৰা নামৰ এজন ছাত্র গুৰুতৰভাৱে আহত হোৱাত তেওঁক মহানগৰীৰ হেল্থ চিটী হাস্পতালত ভর্তি কৰোৱা হয়৷ মহেন্দ্রনাথ ডেকাফুকন হোষ্টেলৰ আৱাসী তথা প্রথম ষাণ্মাসিকৰ ছাত্রজনে মুখত গুৰুতৰভাৱে আঘাত পাইছে৷

উল্লেখ্য যে যোৱা মঙলবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নির্বাচন অনুষ্ঠিত হৈছিল৷ বিভিন্ন পদৰ বাবে অনুষ্ঠিত নির্বাচন সুকলমে হৈ গৈছিল৷ কালি এই নির্বাচনৰ ফলাফল ঘোষণা কৰা হয়৷ য’ত এম এন ডি পি হোষ্টেলৰ আৱাসী সাধাৰণ সম্পাদক, সহকাৰী সাধাৰণ সম্পাদক, উপ–সভাপতিসহ মুঠ ৬জন প্রার্থী জয়ী হয়৷ ইয়াৰ বিপৰীতে এছ এন বি চি হোষ্টেলৰ মাত্র দুজন আৱাসীয়েহে জয়লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াকে লৈ দুয়োটা হোষ্টেলৰ আৱাসীৰ মাজত অৰিয়াৰি সৃষ্টি হয়৷ নিশা এম এন ডি পি হোষ্টেলৰ আৱাসীসকলে নির্বাচন বিজয়ৰ আনন্দ–উৎসৱ উদ্যাপন কৰে৷ বিভিন্ন হোষ্টেলৰ সমর্থকসকলৰ সৈতে নিশা এম এন ডি পি হোষ্টেলত ভোজভাতৰ আয়োজন কৰাৰ লগতে গীত–নৃত্যত মচগুল হৈ পৰে শিক্ষার্থীসকল৷ নিশা প্রায় ১১ বজাত এম এন ডি পিৰ ভোজনগৃহত একাংশ আৱাসীয়ে খাদ্য গ্রহণ কৰি থকাৰ সময়তে তেওঁলোকক লক্ষ্য কৰি শিলগুটি আৰু সুৰাৰ বটল দলিয়াই দিয়ে৷ ফলত হোষ্টেলটোৰ দর্জা–খিৰিকীৰ কাচ ভাঙি পৰে আৰু কেইবাজনো শিক্ষার্থী আহত হয়৷ এম এন ডি পি হোষ্টেলৰ আৱাসীসকলে অভিযোগ কৰা অনুসৰি নিশা শিলগুটি আৰু সুৰাৰ বটল দলিয়াইছিল এছ এন বি চিৰ আৱাসীসকলে৷ আনকি এছ এন বি চিৰ একাংশ আৱাসীয়ে এম এন ডি পি হোষ্টেলৰ আৱাসীক প্রহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে৷ একাংশ ছাত্রই এম এন ডি পি হোষ্টলৰ ভোজনগৃহত সোমাই লণ্ডভণ্ড কৰাৰো অভিযোগ উত্থাপন হৈছে৷ নিশা হঠাৎ এনেদৰে দুই ফৈদৰ মাজত সৃষ্টি হোৱা সংঘর্ষত সমগ্র অঞ্চলটোত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়৷

পৰৱর্তী সময়ত আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা চলায়৷ অৱশ্যে আৰক্ষীয়েও পৰিস্থিতি নিয়ন্ত্রণৰ নামত এম এন ডি পিৰ বাসিন্দাক প্রহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ নিশাৰ ভাগতে আহত শিক্ষার্থীসকলক জি এম চি এইচলৈ লৈ যোৱা হয়৷ ইয়াত প্রাথমিক চিকিৎসাৰ অন্তত আহত শিক্ষার্থীসকলক পুনৰ হোষ্টেললৈ আহিবলৈ অনুমতি দিয়ে যদিও প্রজ্ঞান প্রতিম বৰাক চিকিৎসালয়খনত ভর্তি কৰোৱা হয়৷ তেওঁৰ আঘাত গুৰুতৰ হোৱা বাবে পৰৱর্তী সময়ত হেল্থ চিটী হাস্পতাললৈ প্রেৰণ কৰা হয়৷ ইতিমধ্যে ঘটনা সন্দর্ভত এম এন ডি পি হোষ্টেলৰ ফালৰ পৰা সুধীৰ দাসে দাখিল কৰা এজাহাৰৰ ভিত্তিত পাণবজাৰ আৰক্ষী থানাত ৭/২০২২ নম্বৰৰ এটা গোচৰ ৰুজু হৈছে৷ এই এজাহাৰত উল্লেখ কৰা অনুসৰি এছ এন বি চিৰ আৱাসীসকলে তেওঁলোকৰ ওপৰত শিল দলিওৱাৰ লগতে লাঠী–বাঁহ আদিৰে আক্রমণ কৰিছে৷ ইয়াৰ বিপৰীতে এছ এন বি চি হোষ্টেলৰ দীপজ্যোতি বৈশ্য নামৰ এজন আৱাসীয়ে এম এন ডি পি হোষ্টেলৰ আৱাসীয়ে তেওঁলোকৰ ওপৰত লাঠী–বাঁহ আদিৰে আক্রমণ কৰাৰ লগতে শিলগুটি দলিয়াইছিল বুলি অভিযোগ উত্থাপন কৰি পাণবজাৰ আৰক্ষী থানাতে আন এখন এজাহাৰ দাখিল কৰিছে৷ এই এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত ৮/২২ নম্বৰৰ আন এটা গোচৰ ৰুজু হৈছে৷ সমান্তৰালভাৱে নির্বাচনত জয়ী হোৱাৰ পাছত এম এন ডি পি হোষ্টেলৰ একাংশ আৱাসীয়ে এছ এন বি চি হোষ্টেলৰ আৱাসীসকলক উদ্দেশ্যি অশ্রাব্য গালি–গালাজ কৰিছিল বুলিও প্রতিভিযোগ উত্থাপন হৈছে৷ অৱশ্যে আৰক্ষীৰ তদন্তত কেনেদৰে এই সংঘর্ষৰ সূত্রপাত ঘটিল, তাৰ প্রকৃত কাৰণ পোহৰলৈ আহিব৷ স্বাভাৱিকতে অসমৰ শৈক্ষিক ইতিহাসত এক সুকীয়া স্থান দখল কৰি থকা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ চৌহদত নির্বাচনৰ ফলাফলক লৈ এনেদৰে শিক্ষার্থীৰ মাজত হোৱা সংঘর্ষই প্রতিক্রিয়া সৃষ্টি কৰিছে৷ ছাত্র ৰাজনীতিৰ এনে চূড়ান্ত উচ্ছৃংখল ৰূপে শৈক্ষিক বাতাৱৰণত প্রভাৱ পেলাব বুলিও একাংশ সচেতন লোকে মত পোষণ কৰিছে৷ ঐতিহমণ্ডিত বিশ্ববিদ্যালয়খনৰ গৰিমাত কালিমা সানি এনেদৰে ছাত্র ৰাজনীতিৰ নামত সংঘটিত মাৰপিটৰ ঘটনাৰ আঁৰত আন কোনো ৰাজনৈতিক ষড়যন্ত্র আছে নেকি, সেয়াও পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে সচেতন মহলে৷

ইপিনে নৱনির্বাচিত সাধাৰণ সম্পাদক অভিষেক মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে কালি দিনৰে পৰাই বিশ্ববিদ্যালয়খনৰ চৌহদত কিছু অস্থিৰতাৰ পৰিৱেশ সৃষ্টি হোৱাত তেওঁলোকে পাণবজাৰ আৰক্ষী থানাক অৱগত কৰিছিল৷ কিন্তু আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰিলে৷ বৰঞ্চ নিশাৰ ভাগত অহা আৰক্ষীয়ে এম এন ডি পিৰ আৱাসীকে প্রহাৰ কৰিছে বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে৷ ইপিনে এই ঘটনাৰ তদন্তৰ দাবী উত্থাপন কৰিছে ছাত্র মুক্তি সংগ্রাম সমিতিয়ে৷ ছাত্র মুক্তি সংগ্রাম সমিতিৰ সভাপতি দেৱব্রত শইকীয়া আৰু মানস কোঁৱৰে কয় যে এই ঘটনাৰ এক উচিত নিৰপেক্ষ তদন্ত কৰি আক্রমণৰ সৈতে জড়িত লোকসকলক গ্রেপ্তাৰ কৰিব লাগে

You might also like