নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি পুনৰ জলপৰীৰ সাফল্য; ১০০ মিটাৰতো শিবাংগীৰ স্বৰ্ণ পদক

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ খেলো ইণ্ডিয়া য়ুথ গেমছত চমকপ্ৰদ প্ৰদৰ্শনেৰে প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে প্ৰতিশ্ৰুতি সম্পন্ন সাঁতোৰবিদ শিবাংগী শৰ্মাই ।

শিবাংগী শৰ্মা

মাত্ৰ তিনিটা দিনতে ৰাজ্যখনলৈ চতুৰ্থটো স্বৰ্ণ পদক অৰ্জন কৰে শিবাংগীয়ে । আজি ২১ বছৰ অনূৰ্ধৰ ১০০ মিটাৰ ফ্ৰীষ্টাইলত শিবাংগীয়ে স্বৰ্ণ পদক অৰ্জন কৰে ।

উল্লেখ্য যে দেশৰ সাঁতোৰৰ জগতত নতুন জলপৰী ৰূপে সুনাম অৰ্জন কৰা শিবাংগীয়ে যোৱাবৰ্ষত নেপালত অনুষ্ঠিত ছাউথ এছিয়ান গেমছতো দেশৰ হৈ স্বৰ্ণপদক লাভ কৰিছিল ।

 

আনহাতে নতুন দিল্লীৰ বাল ভাৰতী বিদ্যালয়ত অধ্যয়নৰত ১৭ বছৰীয়া জলপৰীগৰাকীয়ে বৰ্তমান দিল্লীৰ ‘ছাই’ৰ অধীনত সাঁতোৰৰ প্ৰশিক্ষণ লাভ কৰি আছে ।

You might also like