নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাপোৰৰ মাস্ক ব্যৱহাৰ, মাত্র ২০ মিনিটতেই হ’ব পাৰে সংক্রমণ

সমগ্ৰ দেশজুৰি অস্বাভাৱিক হাৰত বাঢ়িছে ক’ভিড আক্রান্তৰ সংখ্যা। বিশেষজ্ঞসকলে বাৰম্বাৰ কৈছে, সংক্রমণ ৰুধিবলৈ ক’ভিডবিধিসমূহ মানি চলাৰ কোনো বিকল্প নাই। আৰু ক’ভিডবিধিৰ প্রথম স্তৰটোৱে হ’ল মাস্ক পৰিাধান। কিন্তু কিধৰণৰ মাস্কে ক’ভিড সংক্রমণ ৰুধিব পাৰে বা উপযোগী সেই লৈ বিভ্রান্তিৰ অন্ত নাই জনমানসত। অধিকাংশ ক্ষেত্রতেই দেখা যায় সচেতনতাৰ অভাৱ। শেহতীয়া এটি গৱেষণাৰ ওপৰত ভিত্তি কৰি গবেষকে আকৌ স্পষ্ট কৰিছে যে ক’ভিড সংক্রমণ ৰুধিবলৈ আটাইতকৈ উপযোগী এন৯৫ মাস্ক। এজন ক’ভিড আক্রান্ত ব্যক্তিয়ে যদি মাস্ক পিন্ধি নাথাকে তেওঁৰ সন্মুখত এন৯৫ মাস্কে এজন সুস্থ মানুহক প্রায় আঢ়ৈ ঘণ্টা ৰক্ষা কৰিব পাৰে। ৰোগী আৰু এজন সাধাৰণ মানুহ দুয়োৱে যদি মাস্ক পৰিধান কৰি থাকে তেন্তে সুস্থ ব্যক্তিৰ দেহত সংক্রমিত হ’বলৈ সময় লাগে প্রায় ২৫ ঘণ্টা।


কিন্তু এন৯৫ মাস্ক দীর্ঘ সময় পিন্ধি থকা কষ্টকৰ বুলি মানুহৰ মাজত দেখা যায় সাধাৰণ কাপোৰৰ মাস্ক পিন্ধাৰ প্রৱণতা। গৱেষণাত কোৱা হৈছে, কোনো ক’ভিড আক্রান্তৰ সম্নুখত যদি এই ধৰণৰ এক তৰপীয়া কাপোৰৰ মাস্ক পিন্ধি থকা হয়, তেন্তে মাত্র ২০ মিনিটৰ ভিতৰতে সংশ্লিষ্ট সুস্থ ব্যক্তিজন ক’ভিড আক্রান্ত হ’ব পাৰে।

You might also like