নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা ৰাজ্যত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন

নিশা ৯ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ  বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৮ জানুৱাৰী, ২০২২ৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা। যোৱা ৭ দিনত ১০টাতকৈ অধিক সংক্ৰমণৰ ঘটনা পোহৰলৈ অহা এলেকাসমূহক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হ’ব। নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বলৱৎ হ’ব সান্ধ্য আইন। নিশা ৯ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। গুৱাহাটীত অষ্টম শ্ৰেণী আৰু আন জিলাসমূহত পঞ্চম শ্ৰেণীলৈ বন্ধ থাকিব সকলো চৰকাৰী/বেচৰকাৰী বিদ্যালয়।

 

ইপিনে মাস্ক পৰিধান বাধ্যতামূলক অন্যথা বিহা হ’ব ১,০০০ টকাৰ জৰিমনা। সমাৱেশ, বিবাহ, অনুষ্ঠান আদিত সৰ্বাধিক ২০০ লোকৰ সমাৱেশ তথা আসন ক্ষমতাৰ ৫০% লোকৰ সমাগমত অনুমতি দিয়া হৈছে। অহা ১৫ জানুৱাৰী, ২০২২ৰ পৰা চিকিৎসালয়ৰ বাহিৰে ৰাজহুৱা স্থানত দুয়ো পালি প্ৰতিষেধক গ্ৰহণ নকৰা লোকৰ প্ৰৱেশ নিষিদ্ধ। দুয়ো পালি প্ৰতিষেধক গ্ৰহণ নকৰা চৰকাৰী কৰ্মচাৰীৰ কাৰ্যালয়ত প্ৰৱেশৰ অনুমতি নাথাকিব।

লগতে পঢ়কঃ কাপোৰৰ মাস্ক ব্যৱহাৰ, মাত্র ২০ মিনিটতেই হ’ব পাৰে সংক্রমণ

You might also like