নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ লাখ ড’জ ভেকচিনসহ কাবুললৈ ভাৰতৰ ১.৬ টন চিকিৎসা সাহায্য প্রেৰণ

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ নতুন বছৰৰ প্রথমটো দিনতেই তালিবানশাসিত আফগানিস্তানলৈ সাহায্যৰ হাত আগবঢ়াইছে ভাৰতে৷ ক’ভিড প্রতিৰোধী ক’ভাক্সিন ভেকচিনৰ ৫ লাখ ড’জ ভাৰতে কাবুললৈ প্রেৰণ কৰিছে৷ ভাৰতৰ এই মানৱীয় সাহায্যক আদৰণি জনাইছে তালিবান চৰকাৰে৷ সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি, কালি তালিবান চৰকাৰৰ মুখপাত্র জাবিহুল্লাহ মুজাহিদে ভাৰতৰ সাহায্য লাভ কৰা বুলি ঘোষণা কৰিছে৷ কালিয়েই কাবুলত ভাৰতে প্রেৰণ কৰা এই মানৱীয় সাহায্যক আদৰণি জনায় তালিবান প্রশাসনে৷ কাবুলস্থিত ইন্দিৰা গান্ধী হাস্পতাল কর্তৃপক্ষৰ হাতত অর্পণ কৰা হৈছে এই পাঁচ লাখ ড’জ ক’ভাক্সিন ভেকচিন৷ ইয়াৰ উপৰি ভাৰতে ১.৬ টন চিকিৎসা সৰঞ্জামো প্রেৰণ কৰিছে আফগানিস্তানলৈ৷ ভাৰতৰ বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা এক বিবৃতিত এই কথা ঘোষণা কৰা হৈছে৷ সমগ্র বিষয়টোত মধ্যস্থতা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ লক্ষণীয়ভাৱে মহামাৰীৰ পৰিস্থিতিক গুৰুত্ব প্রদান কৰি ভাৰতে অহা সপ্তাহত পুনৰ দেশখনলৈ ঔষধ, খাদ্য শস্যসহ বিভিন্ন সামগ্রী প্রেৰণ কৰিব বুলি ঘোষণা কৰিছে বিদেশ মন্ত্রালয়ে৷

You might also like