নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহি আছে তৃতীয় জোৱাৰৰ তাণ্ডৱঃ ক’ভিডৰ সংক্রমণৰ হাৰ তীব্র হ’ব ফেব্রুৱাৰীত

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ  বিশ্বজুৰি ক’ৰোনা মহামাৰীৰ আৰম্ভণিৰে পৰা আজিৰ দিনটোলৈ আক্রান্তৰ সংখ্যাই ৩০ কোটি অতিক্রম কৰাৰ সময়ত ভাৰতত মাত্র এটা দিনত ক’ভিডত সংক্রমিত সংখ্যাই অতিক্রম কৰিছে ১,৪১,৯০০৷ বিশ্বৰ ৩৪খন দেশত শেহতীয়াকৈ ক’ভিড মহামাৰীৰ সংক্রমণৰ সংহাৰ চলা বুলি বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে৷ ইয়াৰ ভিতৰত ১৮খন ইউৰোপীয় আৰু ৭খন আফ্রিকান ৰাষ্ট্রও আছে৷ স্মর্তব্য যে অমিক্রন ভেৰিয়েণ্টে বিশ্বৰ বিভিন্ন দেশত সংক্রমণ অতি দ্রুত কৰি তোলা বুলি ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ ভাৰতত অমিক্রনৰ আক্রান্তৰ সংখ্যাই অতিক্রম কৰিছে তিনি হাজাৰ৷ দেশৰ স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰা অনুসৰি, যোৱা ২৪ ঘণ্টাত ভাৰতত ক’ভিডত ১,৪১,৯৮৬জন আক্রান্ত হৈছে৷ এই সময়ছোৱাত দেশত প্রাণ হেৰুৱাইছে ২৮৫জনে৷ স্মর্তব্য যে সমগ্র দেশত এতিয়ালৈকে ক’ভিডত প্রাণ হেৰুওৱা লোকৰ সংখ্যা হৈছে ৪,৮৩,৪৬৩জন৷ দেশত ক’ভিডে নতুনকৈ সংহাৰ সৃষ্টি কৰাৰ সময়তে মাদ্রাছ আইআইটিৰ তৰফৰ পৰা সতর্কবাণী কৰিছে যে ক’ভিডৰ তৃতীয় জোৱাৰে আগন্তুক এক ফেব্রুৱাৰীৰ পৰা ১৫ ফেব্রুৱাৰীলৈ ভাৰতত সংক্রমণৰ শিখৰত আৰোহণ কৰিব৷ অর্থাৎ এই সময়ছোৱাত দৈনিক কেইবালাখো লোক ক’ভিডত আক্রান্ত হ’ব বুলি ধাৰণা কৰা হৈছে৷ মাদ্রাছ আইআইটিৰ গণিত বিভাগৰ অধ্যাপক ড০ জয়ন্ত ঝাই উল্লেখ কৰা অনুসৰি, এই সময়ছোৱাত সংক্রমণৰ তীব্রতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে সমগ্র দেশজুৰি৷

You might also like