নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১৮ সংখ্যক লংটং চেমা নগাগাঁৱৰ প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী ৰনোজ পেগু

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ উজনি অসমৰ ক্ষুদ্ৰ জনগোষ্ঠীসকলৰ অন্যতম চেমা নগা সকলৰ লংটং চেমা নগা গাঁৱৰ আজি ১১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বাৰেবৰণীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। মাৰ্ঘেৰিটা লংটং চেমা গাঁৱৰ খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰ শিক্ষামন্ত্ৰী ডা০ ৰনোজ পেগু। মন্ত্ৰীৰ উপস্থিত খেলপথাৰত নগালেণ্ডৰৰ পৰা সংগ্ৰহ কৰি অনা এটা শিলেৰে নিৰ্মিত এক স্মাৰক উন্মোচন কৰা হয়। নগাসকলৰ যুদ্ধৰ নৃত্য, সুঁ‌তা কটা নৃত্য সহ বহুকেইটা সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন হয়।

১৯০৪ চনৰ আজিৰ দিনটোতেই এইসকল জনজাতীয় চেমা নগা লোকে লং টং চেমা নগা গাঁও নামেৰে মাৰ্ঘেৰিটা মহকুমাত উক্ত গাঁওখন প্ৰতিষ্ঠা কৰিছিল। উল্লেখ যে ২০০৩ চনৰ ১৬জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ডঃ এ, পি,জে, আব্দুল কালাম, অসমৰ ৰাজ্যপাল এছ, কে, সিংহা, মুখ্যমন্ত্ৰী তৰুণ গগৈ, উদ্যোগ, বাণিজ্য আৰু শক্তি মন্ত্ৰী প্ৰদ্যুত বৰদলৈ উপস্থিত থাকি ঐতিহাসিক এই জনজাতীয় গাঁওখন পৰিদৰ্শন কৰিছিল গাঁওখনক এক আৰ্দশ গাঁও বুলি মন্তব্য প্ৰকাশ কৰিছিল। আজিৰ এই প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ মাননীয় শিক্ষা মন্ত্ৰী ৰানোজ পেগু উপস্থিত থাকি ১১৮তম প্ৰতিষ্ঠা দিৱসৰ শিলা স্তম্ভ মুকলি কৰে। লগতে তেখেতে লং টং চেমা নগা গাঁৱত এটা জনজাতীয় অতিথিশালা নিৰ্মাণৰ বাবে পুঁজি অনুমোদনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ইয়াৰোপৰি আজিৰ এই অনুষ্ঠানৰ মুখ্য পুৰোহিত হিচাপে উপস্থিত থাকে নাগালেণ্ডৰ ডঃ ফুঘট চেমা। মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাগালেণ্ডৰ এগ্ৰীকালচাৰ প্ৰডাকচন কমিছনাৰ ৱাই কিখেত চেমা, অৱসৰ প্ৰাপ্ত ডাইৰেক্টৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অৰুণাচল প্ৰদেশৰ বিধায়ক লাইচাম চিমাই। লংটং চেমা নগা গাওঁৰ গাওঁবুঢ়া কাচেত চেমাৰ নেত্বত অনুষ্ঠিত আজিৰ অনুষ্ঠানত উপস্থিত থকা মন্ত্ৰী ৰনোজ পেগুৱে অসমৰ এই ক্ষুদ্ৰ জনগোষ্ঠী চেমা নগা সকলৰ আৰ্থসামাজিক উন্নয়নৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰ লগত আলোচনা কৰি পৰ্য্যয়ক্ৰমে আন্তঃ গাঠনি উন্নয়নৰ বাবে দিহা কৰিব বুলি মুকলি সভাত ভাষণ প্ৰসংগত উল্লেখ কৰে।

প্ৰেৰকঃ মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

You might also like