নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীতো ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন

নিয়মীয়া বাৰ্তা ২৭ জানুৱাৰীঃ  সমগ্ৰ দেশ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৱাকালিৰ ২৬ জানুৱাৰীৰ দিনটোত ধুবুৰীতো ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। সেই উপলক্ষে ধুবুৰীৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত ক’ভিড নিয়মাৱলীৰ মাজেৰে অয়োজিত হোৱা বিশেষ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ-কল্যাণ, শক্তি, পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰা। সম্পূৰ্ণ গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত আয়োজিত হোৱা সেই অনুষ্ঠানত আৰক্ষী, অৰ্ধসামৰিক বাহিনীকে ধৰি অন্যান্য বাহিনীসমূহৰ অভিবাদন গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে জাতীয় পতাকা উত্তোলন কৰে। নিজৰ ভাষণত মন্ত্ৰী বৰাই কয় যে, ’‘ৰাষ্ট্ৰই আমাক একতাৰ বান্ধনেৰে বান্ধি ৰাখে ৷ ৰাষ্ট্ৰৰ সৈতে জড়িত থকা প্ৰতীকসমূহ অতি মহত্বপূৰ্ণ৷ সেইবাবে ৰাষ্ট্ৰীয় পতাকাখ্ন কেৱল এটুকুৰা কাপোৰ নহয়; ই আমাৰ স্বাভিমান ৷ ৰাষ্ট্ৰীয় সংগীত কেৱল কিছু শব্দৰ সমষ্টি নহয়; ই আমাৰ আত্মসন্মান। ঠিক তেনেকৈ আমাৰ সংবিধানখন কেৱল এখন গ্ৰন্থ নহয় , ই আমাৰ প্ৰাণশক্তি।’’ নিজৰ ভাষণত ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ বিভিন্ন উন্নয়নমূলক কাম–কাজৰ খতিয়ান দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে। গণৰাজ্য দিৱস উপলক্ষে আয়োজিত আজিৰ এই কাৰ্যসূচীত ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম.পি., আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱ, জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

You might also like