নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ কর্মচাৰী ৰাজ্য বীমা নিগমৰ আঞ্চলিক কার্যালয়ত ১৮ চাকৰি

ভাৰত চৰকাৰৰ শ্রম আৰু নিয়োগ মন্ত্রালয়ৰ অধীনত পৰিচালিত কর্মচাৰী ৰাজ্য বীমা নিগম(Employees State Insurance Corporation)ৰ গুৱাহাটীৰ বামুণীমৈদামস্থিতESIC, Regional Office, N.E. Regionত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিESIC Regional Office, N.E. RegionৰRegional Director (I/c)–এ এটা বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Upper Division Clerk (1) আৰু Multi-Tasking Staff (17)ৰ পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷Upper Division Clerk পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৫,৫০০–৮১–১০০ টকা৷ বয়স ১৫ ফেব্রুৱাৰী, ২০২২লৈ ১৮–২৭ বছৰ৷Multi-Tasking Staff পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত ব’ডৰ পৰা দশম শ্রেণী নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱা হ’ব লাগিব৷ বয়স ১৫ ফেব্রুৱাৰী, ২০২২লৈ ১৮–২৫ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ১৮,০০০–৫৬,৯০০ টকা৷Upper Division Clerkৰ পদটো অ’বিচি শ্রেণীৰ প্রার্থীৰ বাবে সংৰক্ষিত থাকিব৷Multi-Tasking Staffৰ মুঠ পদ ১৭টাৰ ভিতৰত অসংৰক্ষিত ৭টা, এছচি ২টা, অ’বিচিৰ ৬টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ বাবে ২টা পদ সংৰক্ষিত থাকিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈEmployees State Insurance Corporationৰhttps://www.esic.nic.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১৫ ফেব্রুৱাৰী, ২০২২৷

You might also like