নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা(স্বা)ৰে আলোচনাৰ প্রক্রিয়াত চৰকাৰ এখোজ এখোজকৈ আগবাঢ়িছে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা

নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ বিদ্রোহী সংগঠনসমূহক আলোচনাৰ মেজলৈ আনি ৰাজ্যত এক স্থায়ী শান্তি প্রতিষ্ঠাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ আৰম্ভ কৰা পদক্ষেপৰ অংশস্বৰূপে কেইবাটাও বিদ্রোহী সংগঠন মূলসুঁতিলৈ ঘূৰি আহিছে৷ আলফা (স্বাধীন)ৰ সৈতে আলোচনা প্রক্রিয়া চলাই নিয়াৰ ক্ষেত্রতো চৰকাৰখন যথেষ্ট আগবাঢ়িছে৷ এনে প্রক্রিয়াৰ মাজতে বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা– আলফাৰ সৈতে আলোচনা প্রক্রিয়াত চৰকাৰ এখোজ এখোজকৈ আগবাঢ়িছে৷ আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত টি এল এ আৰু ইউ জি পি অ’ৰ সদস্যসকলে অস্ত্র সম্বৰণ কৰা অনুষ্ঠানত উপস্থিত থকাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত এই কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়– আলফাৰ সমস্যাটো যথেষ্ট জটিল৷ সমস্যাটোৰ এক ঐতিহাসিক পটভূমিও আছে৷ তথাপি আমি এখোজ এখোজকৈ আগবাঢ়ি গৈছোঁ৷ ইয়াৰ বাবে এক দীঘলীয়া সময়ৰ প্রয়োজন হ’ব৷ সমস্যাটো আজি বা কালিয়ে সমাধান হ’ব বুলি কথা নাই৷ যোৱা ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত অসমৰ ৰাইজে যি এক শান্তিৰ বাতাৱৰণ দেখিলে, তাৰ পৰাও আমাৰ মনত বিশ্বাস হয় যে শান্তিৰ কপৌজনী স্থায়ীভাৱে অসমলৈ ঘূৰি আহিব৷ মুখ্যমন্ত্রীয়ে ইয়াকো কয়– আলফা আৰু কে এল অ’ বর্তমান আলোচনা প্রক্রিয়াৰ পৰা বাহিৰত আছে৷ কে এল অ’ৰ সৈতে আমি শান্তি চুক্তিৰ এটা পথ উলিয়াবলৈ চেষ্টা চলাই আছোঁ৷ কে এল অ’ সংগঠনটো ইতিমধ্যে কিধৰণে আলোচনালৈ আহিব, সেই সম্পর্কে বিভিন্ন মতামত লৈ আছে৷

You might also like