মুখ্যমন্ত্রীৰ যাত্রাত যান–বাহনৰ চলাচল মাত্র ২ মিনিটহে বন্ধ থাকিব
নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ জনসাধাৰণৰ দুর্ভোগ লাঘৱ কৰাৰ হকে ‘ভি আই পি সংস্কৃতি’ ৰোধৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ এতিয়াৰে পৰা মুখ্যমন্ত্রীৰ যাত্রাৰ সময়ত নাগৰিকৰ চলাচলত ব্যাঘাত জন্মোৱা নহ’ব৷ সুৰক্ষাজনিত অত্যন্ত প্রয়োজনত দুই–মিনিট বা তাতকৈ কম সময়ৰ বাবেহে স্থগিত ৰখা হ’ব পথত যান–বাহনৰ চলাচল৷ দিছপুৰস্থিত জনতা ভৱনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ এনে সিদ্ধান্তৰ বিষয়ে সদৰী কৰি মন্ত্রী তথা ৰাজ্য চৰকাৰৰ মুখপাত্র কেশৱ মহন্তই কয় যে ৰাইজ যাতে অসুবিধাত পৰিব নালাগে, তাৰ কাৰণে মুখ্যমন্ত্রীৰ কনভয় যেতিয়া যাব কোনো ক্ষেত্রতে কেতিয়াও দুই মিনিটতকৈ ওপৰত ক’তো অন্য গাড়ী ৰখাব নোৱাৰিব৷ যদি এম্বুলেঞ্চ থাকে, তেন্তে এম্বুলেঞ্চখনক ৰখাবই নোৱাৰিব৷ আজিৰ কেবিনেট বৈঠকে জনসাধাৰণৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রীৰ কনভয়ৰ বাহনৰ সংখ্যা হ্রাস কৰা সন্দর্ভতো সিদ্ধান্ত লয়৷ এই সিদ্ধান্ত অনুসৰি গুৱাহাটী মেট্র’পলিটান এলেকাৰ ভিতৰত এছক’ট–পাইলটক বাদ দি মুখ্যমন্ত্রীৰ কনভয়ত থাকিব ৬খন গাড়ী৷ অৱশ্যে অন্যান্য এলেকা–জিলাত মুখ্যমন্ত্রীৰ কনভয়ত গাড়ীৰ সংখ্যা ১২খনত সীমাবদ্ধ থাকিব৷ ৰাজহুৱা কামত অধিক সময় ব্যয়ত প্রাধান্য দি মুখ্যমন্ত্রী, মন্ত্রী আৰু জ্যেষ্ঠ বিষয়াসকলক সম্বর্ধনা বা উপহাৰ প্রদানৰ প্রথা কেবিনেটে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ এই কথা সদৰী কৰি সংবাদ মেলত উপস্থিত থকা মন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে আমাৰ চৰকাৰৰ অধীনত অনুষ্ঠিত অনুষ্ঠানসমূহত সচৰাচৰ মন্ত্রী–বিষয়াক সম্বর্ধনা জনোৱা দেখা যায়৷ কিন্তু আজি কেবিনেটে সিদ্ধান্ত গ্রহণ কৰিছে– এতিয়াৰে পৰা ৰাজ্যিক পর্যায়তে হওক বা জিলা পর্যায়তে হওক, যিবোৰ চৰকাৰী অনুষ্ঠান অনুষ্ঠিত হ’ব, তাত মুখ্যমন্ত্রীকে ধৰি অন্যান্য মন্ত্রী আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকলক কোনোধৰণৰ সম্বর্ধনা জনোৱা নহ’ব৷ কাৰণ তেওঁলোক উদ্যোক্তা৷ অৱশ্যে যদি তাত কোনো কেন্দ্রীয় মন্ত্রী বা অন্য ব্যক্তি আমন্ত্রিত অতিথি হিচাপে থাকে, একমাত্র তেওঁলোককহে সম্বর্ধনা জনোৱা হ’ব৷
মন্ত্রীসকলে যেতিয়া জিলা পৰিদর্শন কৰে বা জিলাসমূহত কোনো অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ যাব, তেতিয়া সম্বর্ধনাৰ পৰিৱর্তে এক বৃক্ষৰোপণ কার্যসূচী ৰখা হ’ব৷ ইয়াত বাদে অন্য কোনোধৰণে মন্ত্রীসকলক সম্বর্ধনা জনোৱা নহ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ বিত্তীয় শৃংখলতা বজাই ৰখাৰ স্বার্থত মুখ্যমন্ত্রীকে ধৰি মন্ত্রীসকলে পর্যাপ্ত বিত্তীয় সম্পদৰ উপলব্ধতাৰ কথা বিবেচনা নকৰাকৈ নতুন ঘোষণা কৰিব নোৱাৰাৰ ক্ষেত্রতো কেবিনেট বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ এই সন্দর্ভত মন্ত্রী ডাঃ পেগুৱে কয় যে এতিয়াৰে পৰা কোনো মন্ত্রীয়ে বাজেটত উল্লেখ নথকা বা চৰকাৰে পূর্বে ঘোষণা কৰি নৰখা নতুন কোনো আঁচনি–বিত্তীয় অনুদান আদি কোনো সভা–নুষ্ঠানত আগতীয়াকৈ ঘোষণা নকৰিব৷ অৱশ্যে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান বা ৰাইজে যিসমূহ দাবী মন্ত্রীগৰাকীৰ হাতত অর্পণ কৰে, সেইখিনি তেওঁ গ্রহণ কৰিব আৰু পৰৱর্তী পর্যায়ত বাজেটত অন্তর্ভুক্ত হোৱাৰ পাছত অথবা কেবিনেটে অনুমোদন জনোৱাৰ পাছত অথবা কর্তৃত্বশীল মঞ্চত গৃহীত হোৱাৰ পাছতহে তাৰ ওপৰত ব্যৱস্থা গ্রহণ কৰা হ’ব৷ য’ত বাজেটৰ অনুমোদন নাই, তেনে কোনোধৰণৰ কোনো নতুন আঁচনি ঘোষণা নকৰিব মন্ত্রীসকলে৷ কেবিনেট বৈঠকে জিলা গঠনৰ তাৰিখত অসমৰ সকলো জিলাত স্থানীয় লোকৰ সক্রিয় সহযোগিতাৰে ‘জিলা দিৱস’ উদ্যাপনৰো সিদ্ধান্ত গ্রহণ কৰিছে৷ মন্ত্রী কেশৱ মহন্তই এই কথা সদৰী কৰি কয় যে জিলা গঠনৰ তাৰিখত ‘জিলা দিৱস’ উদ্যাপন কৰা হ’ব৷ যদি জিলা গঠনৰ অধিসূচনা উপলব্ধ আছে, তেন্তে ঠিক আছে৷ যিবোৰ জিলাত কোনো অধিসূচনা উপলব্ধ নহয়, তাত প্রথমজন উপায়ুক্তৰ যোগদানৰ তাৰিখটোত ‘জিলা দিৱস’ পালন কৰিম৷ ‘জিলা দিৱস’ পালন কৰাৰ দিনটোত জিলাখনৰ যিসকল লোকে বিভিন্ন পাৰদর্শিতাৰে উন্নয়ন আৰু সামাজিক ক্ষেত্রলৈ অৱদান আগবঢ়াইছে, তেনে ব্যক্তিসকলক সম্বর্ধনা জনোৱা হ’ব৷ সেই অনুষ্ঠানত অভিভাৱক মন্ত্রী–ভিভাৱক সচিব আৰু উপায়ুক্তৰ স্বাক্ষৰ সম্বলিত প্রশস্তিপত্র প্রদান কৰা হ’ব সম্বর্ধিত ব্যক্তিসকলক৷ কেবিনেট বৈঠকে অহা ১০ মার্চৰ পূর্বে পৌৰসভাসমূহৰ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নির্বাচন আয়োগক অনুৰোধ জনাইছে৷ মন্ত্রী কেশৱ মহন্তই জানিবলৈ দিয়া মতে, পৌৰসভাৰ নির্বাচনী প্রক্রিয়া সম্পন্ন হোৱাৰ পাছত পৰৱর্তী সময়ত পৌৰ নিগমৰ নির্বাচনৰ বিষয়টো ঠিক কৰা হ’ব৷ কাৰণ এইবাৰ নিগমৰ সংখ্যা বৃদ্ধি হৈছে৷ সেয়েহে ইয়াৰ কিছু আনুষ্ঠানিক কাম সম্পন্ন কৰাৰ প্রয়োজন আছে বুলি তেওঁ উল্লেখ কৰে৷
সেইদৰে অহা ১৪ মার্চৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আহ্বন কৰাৰ বাবে ৰাজ্যপালক অনুৰোধ জনাইছে কেবিনেট বৈঠকে৷ লগতে তামুলপুৰক নতুন জিলা ৰূপে গঠন কৰাৰ ক্ষেত্রত আজি কেবিনেট বৈঠকে প্রয়োজনীয় আনুষ্ঠানিক অনুমোদন জনোৱা বুলিও মন্ত্রী কেশৱ মহন্তই জানিবলৈ দিয়ে৷ ইফালে কেবিনেট বৈঠকত জল জীৱন মিছনৰ কাম–কাজ আৰু ৰাজ্যৰ কৃষকৰ পৰা ধান ক্রয়ৰ বিষয়টো বিতংভাৱে পর্যালোচনা কৰা হয়৷ এই সম্পর্কত মন্ত্রী কেশৱ মহন্তই কয় যে জল জীৱন মিছনৰ ক্ষেত্রত প্রতিখন জিলাত কেনেধৰণে কাম–কাজ চলিছে, ক’ৰবাত কামৰ গতি লেহেমীয়া হৈছে নেকি এই সকলো দায়িত্ব পুনৰ অভিভাৱক মন্ত্রীসকলক দিয়া হৈছে৷ অতি ক্ষিপ্রতাৰে জল জীৱন মিছনৰ কাম সমাপন কৰিবলৈ নির্দেশ দিছে মুখ্যমন্ত্রীয়ে৷ লগতে যদি ৰৈ থকা কাম আছে, সেই সকলো এসপ্তাহৰ ভিতৰত আবণ্টন দিব লাগিব৷ প্রতিখন জিলাতে কাম–কাজৰ এটা নির্দিষ্ট পর্যবেক্ষণ হ’ব লাগিব৷ সেই পর্যবেক্ষণৰ অন্তত কাম–কাজ কেনেদৰে আগবাঢ়িল, সেই বিষয়ে তথ্য দাখিল কৰিব লাগিব পৰৱর্তী কেবিনেট বৈঠকত৷ জল জীৱন মিছন আঁচনি ৰূপায়ণৰ ক্ষেত্রত উপায়ুক্তকে ধৰি কোনো বিভাগীয় বিষয়াই যাতে হেমাহি নকৰে, তাৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ অভিভাৱক মন্ত্রীসকলক মুখ্যমন্ত্রীয়ে দায়িত্ব দিছে৷ সেইদৰে নূ্যনতম সমর্থিত মূল্যত কৃষকৰ পৰা ধান ক্রয়ৰ বিষয়টোৰ ওপৰতো বিতং আলোচনা কেবিনেট বৈঠকত কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্রতি কুইণ্টলত ১,৯৪০ টকা মূল্যত ইতিমধ্যে কৃষকৰ পৰা ধান ক্রয় কৰি থকা হৈছে৷ ধান ক্রয়ৰ ক্ষেত্রত যাতে কোনো কৃষকে উচিত মূল্য নোপোৱাকৈ থাকিব নালাগে, তাৰ ওপৰতো বিতং আলোচনা হৈছে আজি৷ ধান ক্রয়ৰ ক্ষেত্রত বিশেষ ব্যৱস্থা লোৱাৰ বাবে উপায়ুক্ত–কৃষি–যোগান বিভাগক দায়িত্ব দিয়া হৈছে৷