নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশী ছুপাৰহিৰোৰ পোছাকত কোন এই দৰা

টেলিভিছন পৰ্দাৰ বা চলচিত্ৰৰ ছুপাৰহিৰোৰ চৰিত্ৰ আমাৰ জীৱনত প্ৰিয় হৈ উঠা কোনো কথা নতুন নহয়। এইবাৰ দেশী ছুপাৰহিৰোৰ চৰিত্ৰ এটা ইমানেই প্ৰিয় হৈ উঠিছে যে সেই চৰিত্ৰৰ পোছাক পিন্ধি বিবাহত বহিল এজন যুৱক। কেৰালাৰ এই যুৱকজনৰ নাম অমল ৰবীন্দ্ৰ। যোৱা ২৩ জানুৱাৰীত আছিল তেওঁৰ বিবাহ। বিয়াৰ পৰম্পৰাগত পোছাকৰ সলনি তেওঁ পিন্ধিলে ‘মিন্নাল মূৰলী’ৰ পোছাক।

 

View this post on Instagram

 

A post shared by Amal Raveendran (@amallraveendran)

যোৱা মাহত মুক্তি লাভ কৰা মালায়ালাম ছবি ‘মিন্নাল মূৰলী’ৰ ছুপাৰহিৰো চৰিত্ৰটোৱে দৰ্শকৰ পৰা বিপুল সমাদৰ লাভ কৰিছে।  ২৯ বছৰীয়া এই যুৱকজনে নিজৰ বিয়াত সেই ছুপাৰহিৰোৰ পোছাক পিন্ধি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ছ’চিয়েল মিডিয়াত সকলোৱে তেওঁক ইতিবাচক সঁহাৰিয়ে দিছে।

 

View this post on Instagram

 

A post shared by Amal Raveendran (@amallraveendran)

বিবাহৰ পূৰ্বে কৰা ফটোশ্বুটতো তেওঁ সেই পোছাক পিন্ধাৰ পাছত পৰিয়ালৰ পৰাও ইতিবাচক সঁহাৰি লাভ কৰা বাবেই বিবাহৰ দিনাও তেনে পোছাকেই পৰিধান কৰাৰ সিদ্ধান্ত লৈছিল। কইনাই অৱশ্য়ে পৰম্পৰাগত পোছাকেই পিন্ধে। এই বিয়াখনে সংবাদ শিৰোনামেই দখল কৰিলে।

You might also like