বিশ্বৰ সকলো দেশৰে অস্ত্রসম্ভাৰ আছে এইখন বজাৰত। এই জনশ্রুতি আফগানিস্তান সীমান্তৱৰ্তী পাকিস্তানৰ খাইবাৰ পাখতুনখৱা প্রদেশৰ অস্ত্রৰ চোৰাং বজাৰৰ। নব্বৈৰ দশকৰ চীনা ৯ এমএম পিষ্টলৰ পৰা আৰম্ভ কৰি জার্মান এমপি-৫ ছাব মেছিনগান পৰ্যন্ত সকলো প্রাণঘাতী হাতিয়াৰ বিক্ৰী হয় পাকিস্তানৰ এইখন অস্ত্র বজাৰত। এই কথা স্বীকাৰ কৰে পাকিস্তানৰে বিভিন্ন সংবাদ মাধ্যমে।
যুগৰ সৈতে তাল মিলাই সলনি হৈছে ব্যৱসায়ৰ ধৰণো। আৰম্ভ হৈছে ‘হোম ডেলিভাৰী’পদ্ধতি। অনলাইনত তালিকা চাই পছন্দৰ অস্ত্র বাছনি কৰি ডীলাৰক জনালে নিৰ্দিষ্ট ঠিকনাত যোগান দিয়া হয়।
আফগানিস্তানত তালিবানৰ ক্ষমতা দখলৰ পাছতে পাকিস্তানৰ উত্তৰ-পশ্চিম সীমান্তৱৰ্তী অঞ্চলবোৰত বেআইনী অস্ত্র কাৰোবাৰৰ নতুন জোৱাৰ উঠিছে। পাতল অস্ত্রৰ সমান্তৰালকৈ যোগান বাঢ়িছে মধ্য়মীয়া আৰু গধুৰ মেছিনগান, মর্টাৰ, ৰকেট লঞ্চাৰৰ।
অস্ত্রৰ দামো তেনেই কম। কিছু পুৰণি মডেলৰ কালাছনিকভ ৰাইফল বা পিষ্টল পোৱা যায় স্মার্টফোনতকৈও কম দামত। তাতকৈ কিছু হাজাৰ পাকিস্তানী টকা বেছি ভৰিলে পাই বিশ্বখ্যাত অস্ত্রনির্মাতা হেকলাৰ এণ্ড কখৰ এমপি-৫। আশীৰ দশকত আফগানিস্তানত ছোভিয়েট সেনাৰ প্রৱেশৰ পৰাই ডেৰা আদমখেলৰ অস্ত্র বজাৰ আৰম্ভ হৈছিল আৰু এতিয়াও ৰমৰমীয়া ব্যৱসায় চলাই আছে।