নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰ্থনৈতিক প্ৰৱঞ্চনা! জীৱন সংগীক লুকুৱাই ধনৰ লেনদেন

দাম্পত্যত প্রৱঞ্চনা মানে কি কেৱল মাত্ৰ অন্য মানুহৰ প্রতি দুর্বলতা? একেবাৰেই নহয়। অর্থনৈতিক দিশৰ পৰাও সংগীৰ প্রৱঞ্চনাৰ চিকাৰ হয় প্রতি দহ জনৰ তিন জন। শেহতীয়া এটি সমীক্ষাত প্ৰকাশ হৈছে এনে এক তথ্য।এটি মার্কিন সংস্থাই কৰা সমীক্ষাত জনাইছে যে দাম্পত্য জীৱনত একাধিক ধৰণেৰে অর্থনৈতিক প্রৱঞ্চনাৰ চিকাৰ হয় মানুহ। সংগীক নজনাকৈ কি ধৰণে খৰচ কৰা হয় টকা-

১। গোপন লেনদেন: ৩১.৪ শতাংশ
২। সংগীৰ অজ্ঞাতে ধাৰ দিয়া: ২৮.৭ শতাংশ
৩। আয় সন্দৰ্ভত মিছা কথা কোৱা: ২২.৬ শতাংশ
৪। সংগীৰ অজ্ঞাতে সঞ্চিত অর্থ খৰচ কৰা: ১০.৪ শতাংশ

কিন্তু কিয় এনে কৰে দাম্পত্য সম্পর্কত? শতকৰা ৩৮ জনৰ মতামত যে অযথা কাজিয়া এৰাবলৈ সংগীৰ পৰা নিজৰ অর্থনৈতিক কর্মকাণ্ড লুকুৱাই ৰাখে। আকৌ ২৩ শতাংশ মানুহে জনায় যে, ভুলকৈ খৰচ কৰাৰ পাছত সংগীক জনাবলৈ লাজ লাগে। ১৬ শতাংশৰ মতে, অর্থনৈতিক নিয়ন্ত্রণ নিজৰ হাতত ৰাখিবলৈ ঘটে এনে ঘটনা। আনহাতে, ৭ শতাংশ মানুহে জনায়, সংগীৰ পৰা নানা ধৰণৰ বেয়া খবৰ লুকুৱাই ৰাখিবলৈ তেওঁলোকে গোপনে টকা-পইচাৰ লেনদেন কৰে।

You might also like