নগাঁৱত অসম কৃষক পৰিষদৰ উদ্যোগত কৃষক ছহিদ দিৱস উদযাপন
অগপই কৃষকৰ স্বাৰ্থৰ হকে কাম কৰি আহিছে-কমলা কলিতা
নিয়মীয়া বাৰ্তা ২৮জানুৱাৰীঃ সমগ্ৰ ৰাজ্যখনৰ লগতে নগাঁৱতো আজি কৃষক ছহিদ দিৱস উদযাপন কৰা হয়। অসম গণ পৰিষদে আজি নগাঁৱত কেন্দ্ৰীয় ভাৱে কৃষক ছহিদ দিৱস নগাওঁ সাংস্কৃতিক প্ৰকল্পৰ সভাগৃহত অনুষ্ঠিত কৰে। অগপৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কৃষক পৰিষদৰ নগাওঁ জিলা সমিতিৰ সহযোগত আয়োজন কৰা কৃষক ছহিদ দিৱসৰ অগপৰ পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে প্ৰাক্তন মন্ত্ৰী তথা অগপৰ শ্ৰেষ্ঠ নেতা গিৰীন্দ্ৰ কুমাৰ বৰুৱাই। ছহিদ তৰ্পণ অনুষ্ঠান মুকলি কৰে অগপৰ সম্পাদক নেতা অতুল কুমাৰ মেধিয়ে।এই উপলক্ষে অনুষ্ঠিত স্মৃতিচাৰণ সভাত অংশগ্ৰহন কৰি অগপৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী ডা.কমলা কলিতাই ১৮৯৪ চনৰ পথৰুঘাট কৃষক বিদ্ৰোহত জীৱন আহুতি দিয়া কৃষক ছহিদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কৃষক বিদ্ৰোহৰ ইতিহাস ব্যাখ্যা কৰে।
তেওঁ লগতে কয়-অসম গণ পৰিষদ দলে সদায়েই কৃষকৰ স্বাৰ্থৰ হকে মাত মাতি আহিছে।কৃষক শ্ৰমিকৰ শক্তিশালী অংশ গ্ৰহণৰ জৰিয়তে অগপক শক্তিশালী কৰি তুলিব পৰা যাব।অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি অগপৰ সাংগঠনিক সম্পাদক মণিমাধৱ মহন্তই কয়-পথৰুঘাটৰ কৃষক বিদ্ৰোহ আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস। কৃষকসকল আমাৰ সকলোৰে বাবে শ্ৰদ্ধাৰ ব্যক্তি। তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰি শস্য উৎপাদন কৰে। কৃষকসকলে আমাৰ অৰ্থনীতি কৃষিকাৰ্যৰ জৰিয়তে শক্তিশালী কৰি আহিছে।সভাত অসম সংখ্যালঘু উন্নয়ন নিগমৰ উপাধ্যক্ষ জাভেদ ইছলাম, প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱা, অগপৰ কেন্দ্ৰীয় সম্পাদক নিৰঞ্জন বৰা,কৃষক পৰিষদৰ নগাওঁ জিলা সমিতিৰ সভাপতি অজিত শৰ্মা, সম্পাদক প্ৰদীপ কৰ্মকাৰ,অসম যুৱ পৰিষদৰ নগাওঁ জিলা সমিতিৰ সভাপতি দীপুজ্জল ৰাজখোৱা আদিয়ে অংশগ্ৰহণ কৰে। সভাতেই পাখিমৰীয়া জিলা পৰিষদৰ সদস্যা তথা অসম জাতীয় পৰিষদৰ নেত্ৰী দীপিকা শইকীয়াই অগপ দলত যোগদান কৰে ।