নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ ক’ভিড মহামাৰীসৃষ্ট পৰিস্থিতিয়ে বিগত বর্ষত ব্যাপক প্রভাৱ পেলাইছিল মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষার্থীসকলৰ ওপৰত৷ চলিত বর্ষৰো পৰীক্ষা সমাগত৷ ছাত্র–ছাত্রী–ভিভাৱক্ মনত ইতিমধ্যে উদ্বিগ্ণতা বৃদ্ধি পাইছে৷ শুকুৰবাৰে সদৌ অসম ছাত্র সন্থাই (আছু) পৰীক্ষাৰ প্রস্তুতি সন্দর্ভত বুজ ল’বলৈ অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ অধ্যক্ষ ৰমেশ চান্দ জৈনক সাক্ষাৎ কৰে৷ ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু উপদেষ্টা প্রকাশ চন্দ্র দাসৰ নেতৃত্বত যোৱা প্রতিনিধি দলটোৱে পৰীক্ষাৰ অগ্রগতিৰ বুজ লোৱাৰ লগতে সুচাৰুৰূপে প্রক্রিয়াটো সম্পন্ন কৰিবলৈ আহ্বান জনায়৷ ক’ভিডৰ প্রকোপ বৃদ্ধি পালেও ছাত্র–ছাত্রীৰ শৈক্ষিক জীৱনত প্রভাৱ নপৰাকৈ পানী নসৰকা ব্যৱস্থা গ্রহণ কৰিবলৈও ছেবা কর্তৃপক্ষক আহ্বান জনায় ছাত্র সন্থাৰ দলটোৱে৷
ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক বিবৃতিযোগে এই সন্দর্ভত কয় যে ছাত্র সন্থাই ছাত্র–ছাত্রীৰ স্বাস্থ্যৰ প্রতি ভাবুকি নহাকৈ সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত হোৱাটো বিচাৰে৷ ইতিমধ্যে ৬০ শতাংশ পাঠ্যক্রমৰ সৈতে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ছেবা কর্তৃপক্ষ সাজু হৈছে৷ লগতে সকলো বিদ্যালয়ৰে ছমহীয়া পৰীক্ষাৰ ফলাফল মজুত ৰাখিছে৷ মুঠ ৪,২১,৫৮৭জন শিক্ষার্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিবলৈ আবেদন কৰাৰ বিপৰীতে হাইমাদ্রাছা পৰীক্ষাৰ পৰীক্ষার্থীৰ সংখ্যা ১১,৩০৬গৰাকী৷ মুঠ ৯০৩টা কেন্দ্রত পৰীক্ষা অনুষ্ঠিত হ’ব৷ ছাত্র সন্থাই সামাজিক দূৰত্ব বর্তাই ৰাখি স্বাস্থ্যসন্মতভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ স্বার্থত পৰীক্ষা কেন্দ্রৰ সংখ্যা প্রয়োজন হ’লে বৃদ্ধি কৰিবলৈ আহ্বান জনায়৷ লগতে কোনো পৰীক্ষার্থীৰ শৰীৰত ক’ভিড ধৰা পৰিলে তেনে শিক্ষার্থীয়ে পৰীক্ষাত বহিব পৰাকৈ সুকীয়া পৰীক্ষাগৃহৰ ব্যৱস্থা কৰিবলৈও দাবী জনায়৷ ছাত্র সন্থাৰ স্পষ্ট মত– ছাত্র–ছাত্রীৰ শৈক্ষিক জীৱন বাধাহীনভাৱে আগবাঢ়িবই লাগিব৷ ক’ভিডৰ প্রকোপ কম–বেছি হ’লেও ছাত্র–ছাত্রীক ন্যায় প্রদান কৰিব পৰাকৈ শিক্ষা সংসদ সাজু থাকিবই লাগিব৷ সাক্ষাৎকালত আছুৰ উপ–সভাপতি উৎপল শর্মা, সহকাৰী সাধাৰণ সম্পাদক ধর্মেশ্বৰ দাস, শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা আৰু সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধিও উপস্থিত থাকে৷