দলগাঁৱত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ সন্মিলন
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী: দৰঙৰ দলগাঁও হাইস্কুলৰ ১৯৭৭ চনৰ মেট্ৰিকত অৱতীৰ্ণ হোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ সন্মিলন কালি দলগাঁৱত অনুষ্ঠিত হৈ যায়৷ দলগাঁও বুনিয়াদী প্ৰশিক্ষন কেন্দ্ৰত অনুষ্ঠিত উক্ত সন্মিলনত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে৷
অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাক্তন ছাত্ৰী প্ৰয়াত হিৰণ্য় বৰাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়৷ অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক ফুলাম গামোচ স্মাৰকেৰে আদৰণি জনোৱাৰ পিছত হাচনাৰা বেগম আৰু প্ৰদীপ ঘোষে কেক কাটি কাৰ্যসূচীৰ আৰম্ভণি কৰে৷
দলগাঁও বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ তপন হাজৰিকাই উদ্বোধন কৰা অনুষ্ঠানটো সুন্দৰকৈ পৰিচালনা কৰে কালিচান্দ সেনে ৷ প্ৰাক্তন ছাত্ৰ একালৰ জনপ্ৰিয় শিল্পী ডা: মিফতাহুৰ ৰহমানে গীত পৰিবেশন কৰাৰ উপৰি নৱপ্ৰজন্মৰ কৃষ্ণাক্ষি ভাৰতী আৰু তনুস্মিতা ঘোষে গীত পৰিৱেশন কৰি অনুষ্ঠানটো অধিক জীপাল কৰি তোলে৷
ললিত তামুলী, নীতা ঘোষ, প্ৰিয়লাল দেৱনাথ আৰু কালিচান্দ সেনে এটিকৈ কবিতা পাঠ কৰে৷ কৰ্মসূত্ৰে দীৰ্ঘদিন ৰাজ্যৰ বাহিৰত থকা একাংশ প্ৰাক্তন ছাত্ৰই প্ৰায় ৪৪ বছৰ পিছত সন্মিলনত উপস্থিত হৈ এজনে আন এজনক লগ পাই আৱেগিক হৈ পৰে৷
অনুষ্ঠানত বীৰেশ হাজং, সঞ্জয় বসুমতাৰী, স্বপন ঘোষ, চিকিৰাম বসুমতাৰী, নাচেৰউদ্দিন নুৰানি, হিতেশ ডেকাই সুদীৰ্ঘ দিনৰ পিছত সতীৰ্থ সকলক লগ পোৱাৰ অনুভূতিৰে বক্তব্য প্ৰদান কৰে৷
প্ৰেৰক আব্দুচ চামাদ