ডিজিটেল ডেস্ক, ৪ জুন : লাহোৱালত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাত থিতাতে নিহত হয় এজন চাইকেল আৰোহী।
লাহোৱালৰ তেলিয়াপট্টি–জয়পুৰ পথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত চাইকেল আৰোহীজনৰ কৰুণ মৃত্যুক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, এখন দ্ৰুতবেগী অচিনাকি বাহনে চাইকেল আৰোহীজনক মহটিয়াই নিয়াত ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়। নিহত ব্যক্তিজন লাহোৱালৰ হাটখোলা গাঁৱৰ বাসিন্দা মনোজ দত্ত (২৯) বুলি চিনাক্ত কৰা হৈছে।
দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই ঘোঁৰামৰা আৰক্ষী আৰু লাহোৱাল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।