ঢকুৱাখনাত ০.৮২০ গ্ৰাম হেৰ’ইন জব্দ
নিয়মীয়া বাৰ্তা,৩ ফেব্ৰুৱাৰী : ঢকুৱাখনা নগৰৰ এখন দোকানৰ পৰা আৰক্ষীয়ে নিষিদ্ধ আজি হেৰ’ইনসহ তিনিজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে। ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণ্টুৰাম বৰাৰ নেতৃত্বত চলা আৰক্ষীৰ অভিযানত ঢকুৱাখনা নগৰস্থিত সমীৰ আলী মালিকানাধীন জোতা-চেন্ডেল দোকানৰ পৰা জব্দ কৰা হৈছে হেৰ’ইনখিনি। জব্দ কৰা হেৰ’ইনখিনিৰ পৰিমাণ ০.৮২০ গ্ৰাম। ঘটনা সন্দৰ্ভত তিনিজন যুৱকক আটক কৰাৰ লগতে ৫টা কণ্টেইনাৰ জব্দ কৰিছে। উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ মূল্য ৫০ হাজাৰ হব বুলি আৰক্ষীয়ে জনাইছে। তদন্তৰ খাতিৰত আটকাধীন যুৱকেইজনৰ নাম প্ৰকাশৰ বিৰত থকা ঢকুৱাখনা আৰক্ষী। ঘটনাৰ সন্দৰ্ভত ঢকুৱাখনা আৰক্ষীয়ে যুৱককেইজনক জেৰা অব্যাহত ৰাখিছে।
প্ৰেৰক পুলকজ্যোতি বৰা।