নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত চেম্পিয়ন  : 40 লাখৰ পুৰস্কাৰ বিচিচিআইৰ

নিয়মীয়া বাৰ্তা, ৬ ফেব্রুৱাৰীঃ য়শ ধুল নেতৃত্বাধীন ১৯ অনূৰ্ধ্ব ভাৰতীয় দলটোৱে ১৯ অনূৰ্ধ্ব বিশ্বকাপৰ চেম্পিয়নৰ খিতাপ দখল কৰিছে। কালি নিশা অনুষ্ঠিত ফাইনেলত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰি খিতাপ জয় কৰিবলৈ সক্ষম হয়। এই জয়েৰে ভাৰতে পঞ্চমবাৰৰ বাবে খিতাপ জয় কৰে। এই জয় সুবাদত ভাৰতীয় খেলুৱৈসকললৈ আহিছে আকৰ্ষণীয় উপহাৰ।

সেই অনুসৰি ভাৰতীয় যুৱদলটোৰ প্রতিগৰাকী খেলুৱৈলৈ ৪০ লাখ টকাৰ পুৰস্কাৰ আগবঢ়াইছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বর্ডে৷ ভাৰতীয় দলৰ এই সফলতাৰ পিছতে বৰ্ডৰ সচিব জয় শ্বাহে এই কথা ঘোষণা কৰে৷ ভাৰতীয় দলটোৰ প্রদর্শনক লৈ সমগ্র ভাৰতবর্ষ গৌৰৱান্বিত বুলি উল্লেখ কৰি তেওঁ কয় যে বর্ডে ভাৰতীয় যুৱ দলটোক অভিনন্দন জনাই প্রতিগৰাকী খেলুৱৈলৈ ৪০ লাখ আৰু ছাপৰ্ট ষ্টাফৰ প্রতিগৰাকী সদস্যলৈ ২৫ লাখ টকাৰ আর্থিক পুৰস্কাৰ আগবঢ়াব৷

বিশ্ববিজয়ী দলটোক আহমেদাবাদত বীৰোচিত আদৰণি জনোৱা হ’ব বুলিও বর্ডে সদৰী কৰিছে৷ ইফালে বিচিচিআইৰ মুৰব্বী সৌৰভ গাংগুলীয়ে ভাৰতীয় দলটোক শুভেচ্ছা জনাই কৈছে যে ক’ভিডে ভাৰতীয় দলৰ শিবিৰত আতংকৰ সৃষ্টি কৰাৰ পিছতো খেলুৱৈসকলৰ দৃঢ়তা আৰু চমকপ্রদ প্রদর্শন প্রশংসাৰ যোগ্য৷

উল্লেখ্য যে ক’ভিডত আক্রান্ত হোৱাৰ বাবে ভাৰতীয় ১৯ বছৰ অনূর্ধ্ব দলটোৰ অধিনায়ক যশ ধূল আৰু সহ অধিনায়ক শ্বাইক ৰশ্বিদকে ধৰি চাৰিগৰাকী খেলুৱৈ লীগ পর্যায়ৰ দুখনকৈ মেচৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল৷ তথাপি দলটোৱে মেগা ইভেণ্টখনৰ এখনো মেচত পৰাস্ত নোহোৱাকৈ চেম্পিয়নৰ সন্মান অর্জন কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৯ অনূৰ্ধ্ব বিশ্বকাপত ক্ৰমে 2000 চনত মহম্মদ কাঈফ, 2008 চনত বিৰাট কোহলি, 2012 চনত উন্মুক্ত চান্দ আৰু 2018 চনত পৃত্থি শ্বৰ নেতৃত্বত চেম্পিয়ন হৈছিল।

You might also like