নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL শেষ : ৬-১০ জুনলৈ ভাৰত-আফগানিস্তানৰ মাজত টেষ্ট মেচ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৬ সমাপ্ত হৈছে যদিও ক্ৰিকেটৰ ৰোমাঞ্চ এতিয়াও অব্যাহত আছে। IPL শেষ হোৱাৰ পিছতেই আৰম্ভ হ’ব ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মুখামুখি। অহা ৬ জুনৰ পৰা দল দুটাৰ মাজত একমাত্ৰ টেষ্ট মেচ আৰম্ভ হ’ব।

উল্লেখ্য যে, ভাৰত আৰু আফগানিস্তানৰ মাজত প্ৰায় ৮ বছৰৰ পিছত পুনৰ টেষ্ট মেচ অনুষ্ঠিত হ’ব। টেষ্ট মেচৰ পিছত দুয়োটা দলৰ মাজত তিনিখন মেচৰ এদিনীয়া (ODI) শৃংখলাও অনুষ্ঠিত হ’ব। বৰ্তমান আফগানিস্তান দল ভাৰত ভ্ৰমণত আছে। ভাৰত আৰু আফগানিস্তানৰ মাজৰ একমাত্ৰ টেষ্ট মেচ ৬ জুনৰ পৰা আৰম্ভ হ’ব। মেচখন পঞ্জাবৰ Maharaja Yadavindra Singh International Cricket Stadiumত অনুষ্ঠিত হ’ব।

দৰ্শকসকলে টিভিত Star Sports নেটৱৰ্কত এই টেষ্ট মেচ উপভোগ কৰিব পাৰিব। ভাৰত-আফগানিস্তান টেষ্ট মেচৰ লাইভ ষ্ট্ৰিমিং JioHotstarত উপলব্ধ হ’ব।

ভাৰতীয় দল

  • শুভমন গিল (অধিনায়ক)
  • যশস্বী জয়ছোৱাল
  • লোকেশ ৰাহুল (উপ-অধিনায়ক)
  • সাই সুদৰ্শন
  • ঋষব পণ্ট (উইকেটকীপাৰ)
  • দেৱদত্ত পাড়িকেল
  • নীতিশ কুমাৰ ৰেড্ডী
  • ৱাশ্বিংটন সুন্দৰ
  • কুলদীপ যাদৱ
  • মহম্মদ ছিৰাজ
  • প্ৰসিদ্ধ কৃষ্ণ
  • মানব সুথাৰ
  • গুৰনূৰ বৰাৰ
  • হৰ্ষ ডুবে
  • ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ)

আফগানিস্তান দল

  • হাছমতউল্লা শ্বাহিদী (অধিনায়ক)
  • আব্দুল মালিক
  • ছেদিকুল্লাহ আটাল
  • ৰহমত শ্বাহ
  • ৰহমানুল্লাহ গুৰবাজ
  • ৰহমানুল্লাহ জাদৰান
  • আফচাৰ জাজাই (উইকেটকীপাৰ)
  • ইকৰাম আলীখিল (উইকেটকীপাৰ)
  • আজমতউল্লাহ ওমজাই
  • শৰাফুদ্দিন আশৰফ
  • নাংগিয়াল খাৰোটাই
  • কেইচ আহমদ
  • বিলাল ছামি
  • জিয়া শ্বৰিফী
  • ছলিম ছফি

ডিজিটেল ডেস্ক, ২ জুন

You might also like