নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰৰ বিচ্ছিন্নতাবাদীৰ সমৰ্থনত কেএফচি-হোণ্ডাই

দক্ষিণ কোৰিয়াৰ প্ৰখ্যাত বাহন কোম্পানী হোণ্ডাইৰ পাছত কাশ্মীৰৰ বিচ্ছিন্নতাবাদীক সমৰ্থন দি বিতৰ্কৰ আৱৰ্তত কে এফ চি। জনপ্ৰিয় ফাষ্টফুড ৰেষ্টুৰেণ্ট চেইন কে এফ চিৰ পাকিস্তানী কৰ্তৃপক্ষই ফেচবুকত দিলে কাশ্মীৰৰ বিচ্ছিন্নতাবাদীৰ পক্ষত পোষ্ট। ইয়াৰ পাছতে টুইটাৰত বয়কোট কেএফচি ট্ৰেণ্ড উঠে।

অৱশ্যে তাৰ পাছতে সেই পোষ্টটো ডিলিট কৰি দিয়ে কে এফ চিয়ে। এই বিতৰ্কৰ পাছতে কে এফ চি ইণ্ডিয়াই ক্ষমা প্ৰাৰ্থনা বিচাৰে আৰু ভাৰতৰ প্ৰতি সদায়ে সন্মান থকা বুলি প্ৰকাশ কৰে। উল্লেখনীয় যে, ৫ ফেব্ৰুৱাৰীত কাশ্মীৰৰ বিচ্ছিন্নতাবাদীয়ে কাশ্মীৰ দিৱস উদযাপন কৰি আহিছে।

সেইদিনাই হোণ্ডাইৰ পাকিস্তানী সহযোগী নিছাত গ্ৰুপে টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰামকে ধৰি ছ’চিয়েল মিডিয়াত বিচ্ছিন্নতাবাদীৰ পক্ষত পোষ্ট দিয়ে। ইয়াৰ পাছতে হোণ্ডাই বৰ্জনৰ জোঁৱাৰ উঠে। তাৰ পাছতে প্ৰতিষ্ঠানটোৰ ভাৰতীয় কৰ্তৃপক্ষই অনুশোচনা ব্যক্ত কৰে।

You might also like