নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পতিতালয়ত প্ৰণয়ৰ সম্পৰ্ক আৰু এখন বিবাহ

নাৰীদেহ ব্যৱসায় চক্রৰ কৱলত পৰি কৈশোৰকালতে যৌনতাৰ অন্ধকাৰত সোমাই পৰিছিল। পশ্চিম বংগৰ পূব মেদিনীপুৰৰ এখন পতিতালয়ত খাদ্য় যোগান দিবলৈ অহা যুৱকৰ সৈতে প্রণয়ৰ সম্পর্ক গঢ়ি উঠে তেওঁৰ। শেষত স্থানীয় ক্লাৱৰ সহযোগিতাত এক হ’ল দুই হৃদয়। হাঁহি মুখে নৱ বিবাহিতা ওলাই গ’ল শহুৰৰ ঘৰলৈ। বহু বছৰ আগেয়ে মুৰ্ছিদাবাদৰ লালগোলাৰ বাসিন্দা পিতৃ-মাতৃহাৰা নাবালিকা ঝুমা ঘোষক পতিতালয়লৈ আনে নাৰীদেহ ব্যৱসায় চক্রই আৰু বলপূৰ্বকভাৱে দেহ ব্যবসায়ত নামিবলৈ বাধ্য কৰে।

অনেক ঠাইত ঘুৰি অৱশেষত মহিষাদলৰ পতিতালয়ত থাকিবলৈ লয়। এই অঞ্চললৈ খাদ্যৰ যোগান দিবলৈ আহি বাছুলিয়াৰ বাসিন্দা পেচাত হোটেল ব্যৱসায়ী ছোট্টু দাসে দেখা পায় ঝুমাক। আৰম্ভ হয় আলাপ আৰু কেই মাহ আগেয়ে গঢ়ি উঠে প্রণয়ৰ সম্পর্ক। প্রথমে কথাটোত সহজ হ’ব পৰা নাছিল ছোট্টুৰ পৰিয়ালে। কিন্তু পুত্ৰক বুজোৱা সম্ভৱ নাছিল। তেনেসময়ত স্থানীয় ক্লাৱৰ সদস্যসকলে প্রেমিক যুগলক এক হোৱাত সহায় কৰে। সোমবাৰে ৰাতি ক্লাৱঘৰতেই বিয়াৰ মণ্ডপ সজোৱা হয় আৰু দৰাৰ পৰিয়ালৰ উপস্থিতিত কন্যাদান কৰে ক্লাৱৰে এজন সদস্যই।

You might also like