নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ড্ৰেজাৰেৰে ব্ৰহ্মপুত্ৰৰ খনন

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ধুবুৰীত অস্বাভাৱিকভাৱে কমিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। চীনৰ বৃহৎ নদীবান্ধ অথবা অৰুণাচলৰ গেৰুকামুখত নিৰ্মীয়মাণ নদীবান্ধৰ বাবেই হওক বা নহওক কিয়; এসময়ত ৮/১০ কিলোমিটাৰ বহল এই নদীখনে ঠায়ে ঠায়ে ধাৰণ কৰিছে সুঁতিসদৃশ ৰূপ। ধুবুৰীৰ কাষেৰে বৈ যোৱা বৰলুইতত এতিয়া দৃশ্যমান হৈছে বিশাল বিশাল বালিৰ চৰ। ইপিনে নৈখনৰ জলস্তৰ কমি অহাৰ ফলত স্বাভাৱিকভাৱে ধুবুৰীলৈ  দৈনিক অহা-যোৱা কৰা বিভিন্ন চৰাঞ্চলৰ ৰাইজ পৰিছে অসুবিধাত।

যোৰহাটৰ নিমাতীঘাটৰ শোকাৱহ দুৰ্ঘটনাৰ পিছত ধুবুৰীৰ পৰা ফকিৰগঞ্জ আৰু আইৰকাটাৰ মাজত আৰম্ভ হোৱা আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ  যাত্ৰীবাহী ৰোপেক্স জাহাজ দুখনৰ চলাচলো বন্ধ হৈ পৰিছে।  অসুবিধাৰ সৃষ্টি কৰিছে ধুবুৰীৰ পৰা জলপথেৰে  বাংলাদেশৰ সৈতে আৰম্ভ হোৱা আমদানি–ৰপ্তানিৰ ক্ষেত্ৰখনতো।  অৱশ্যে শেহতীয়াকৈ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণে আৰম্ভ কৰিছে নৈখনৰ খননৰ কাম।

কেইদিনমান পূৰ্বে ধুবুৰী ফকিৰগঞ্জ ৰুটৰ মাজেৰচৰৰ সমীপত নৈখনত ড্ৰেজাৰেৰে খনন চলোৱাৰ পিছত ধুবুৰী চহৰৰ সমীপৰ চলাকুৰা অঞ্চলৰ কাষেৰে বৈ যোৱা বৰ লুইতত আজিৰ পৰা আৰম্ভ হৈছে খনন। বৰ্তমানে ৫ ফুটৰো কম জলস্তৰ থকা নৈখনৰ সেই অংশৰ ৪শ মিটাৰ জলপথ খনন কৰা হ’ব বুলি জানিব পৰা গৈছে। প্ৰায় ৯ ফুট গভীৰতাৰে সেই ৪শ মিটাৰ খনন কৰিবলৈ আনুমানিক পাঁচ দিন মান সময় লাগিব। পৰৱৰ্তীত সময়ত নৈখনৰ কোন অংশ কিমান গভীৰতাৰে খনন কৰিব লাগিব সেয়া পুনৰ ছাৰ্ভে কৰি নিৰ্ধাৰণ কৰা হ’ব।

পিছে ড্ৰেজাৰেৰে খনন কৰি জলপথেৰে বিভাগীয় জাহাজ অথবা অন্যান্য যাত্ৰীৱাহী আৰু মালবাহী লঞ্চ চলাচল কৰাৰ ব্যৱস্থা লোৱা হৈছে যদিও এইদৰে  বৰলুইতৰ জলস্তৰ  অস্বাভাৱিকভাৱে হ্ৰাস পোৱাটো এক অশনি সংকেত বুলিয়েই বিবেচিত হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like