নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৈশপ্ৰেমীৰ প্ৰিয় কেইখনমান বাৰ

গোটেই দিনটোৰ কর্মব্যস্ততাৰ পাছত বাৰ তথা ৰেস্তোৰাৰ মজলিচত বহুতেই আৰাম বিচাৰে। ব্যস্ততা যিমানে বাঢ়িছে সিমানেই বাঢ়িছে এই ধৰণৰ বাৰ তথা ৰেষ্টুৰেণ্টৰ জনপ্রিয়তা। দেশৰ অন্যতম জনপ্রিয় কেইখনমান বাৰ যিকেইখন সুৰাপ্রেমীৰ অতি পছন্দৰ।

 এয়াৰ, ফোৰ চিজনছ


মুম্বাইৰ এই ৰেস্তোঁৰা এটি বহুমহলীয়া বিল্ডিঙৰ ওপৰত অৱস্থিত, য’ৰ পৰা দেখা যায় অর্ধেক মুম্বাইৰ দিগন্ত ৰেখা। অসাধাৰণ দৃশ্যৰ সৈতে ইয়াতে আছে জনপ্ৰিয় বাৰটেণ্ডাৰ বৰুণ সুধাকৰ আৰু তেওঁৰ দল। নিত্যনতুন সুউচ্চ ৰেস্তোঁৰা খুলিলেও মুম্বাইৰ এই বাৰখনৰ জনপ্রিয়তা আজিও অটুট আছে।

 আর্বৰ ব্রিউইং কোম্পানী

বাংগালুৰুৰ এই বাৰখনৰ বিশেষত্ব হ’ল ইয়াৰ সুৰা একেবাৰে সতেজ। ইয়াৰ বেলজিয়ান ব্লণ্ড তথা ৰেজিং এলিফেন্ট অত্যন্ত বিখ্যাত পানীয়।

ককটেইলছ এণ্ড ড্রীমছ স্পিকইজী

গুৰুগ্রামত অৱস্থিত এই বাৰখন বাৰটেণ্ডাৰৰ হাতেৰে আৰম্ভ হোৱা প্রথম বাৰসমূহৰ মাজত অন্যতম। ইয়াৰ ককটেল খুবেই বিখ্যাত।

 দ্য ফ্লাইং এলিফেন্ট

এই বাৰ তথা ৰেস্তোঁৰাখন চেন্নাইত অৱস্থিত। সৌন্দর্যৰ দিশৰ পৰা এইখন বাৰক আন কোনো বাৰে ঢুকি নাপায়। মাত্ৰ সুৰাই নহয়, ইয়াৰে খাদ্যও খুব বিখ্যাত।

ওভাৰ দ্য মুন

এয়াৰৰ দৰে এইখনো সুউচ্চ বিল্ডিঙত অৱস্থিত। ইয়াৰে কর্মচাৰীসকলৰ ব্যৱহাৰো অত্যন্ত ভাল বুলি শুনা যায়। হায়দৰাবাদ ভ্রমণ কৰিলে অৱশ্যেই যাব পাৰে এই স্থানত।

You might also like