নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত কৰ্তব্যস্থলীতে মৃত্যু বৰপেটাৰ আৰক্ষী উদ্ধৱ দাসৰ

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী: কাছাৰ জিলাত কৰ্তব্যস্থলীতে মৃত্যু হল এগৰাকী আৰক্ষীৰ ৷ মৃত আৰক্ষীজন অসম আৰক্ষীৰ সপ্তম কমাণ্ডো বাহিনীৰ হাবিলদাৰ উদ্ধৱ দাস ৷ তেওঁৰ আকস্মিক মৃত্যুত শোকাহত কাছাৰ আৰক্ষী ৷ মিজোৰাম সীমান্তৰ লাইলাপুৰত সীমা বিবাদৰ সময়ত নিয়োজিত ৫৪ বছৰীয়া হাবিলদাৰজন বৃহস্পতিবাৰে নিশা কাছাৰৰ এছ পি ৰমণদীপ কৌৰৰ সৈতে ধলাইলৈ গৈছিল ৷

স্থানীয় নিপেন সিংহ নামৰ এজন হেণ্ডিমেনৰ মিজোৰামৰ জেলত মৃত্যুৰ প্ৰতিবাদত ধলাইত ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি মৃতদেহ চমজি নোলোৱাৰ বাবে প্ৰতিবাদ কৰিছিল স্থানীয় লোকে ৷ প্ৰতিবাদস্থলীত এছ পিৰ লগত কৰ্তব্যত আছিল হাবিলদাৰ উদ্ধৱ দাস ৷ কৰ্তব্যস্থলীতে হঠাতে অসুস্থ হৈ পৰে তেওঁ ৷ লগে লগে হাবিলদাৰ উদ্ধৱ দাসক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় যদিও মেডিকেল পোৱাৰ পিচত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷

ইফালে, মেডিকেলত হাবিলদাৰ উদ্ধৱ দাসৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত আজি কাছাৰ আৰক্ষীৰ ৰিজাৰ্ভ কাৰ্যালয়লৈ অনা হয় ৷ তাত উদ্ধৱ দাসৰ মৃতদেহৰ প্ৰতি শেষ শ্ৰদ্ধা জনোৱাৰ লগতে গাৰ্ড অৱ‌ অনাৰ জনোৱা হয় ৷ মৃতদেহৰ প্ৰতি শেষ শ্ৰদ্ধা জনায় দক্ষিণ অসমৰ ডিআইজি কংকণজ্যোতি শইকীয়া, এছ পি ৰমণদীপ কৌৰসহ আৰক্ষী বিষয়াসকলে৷ আজিয়ে হাবিলদাৰজনৰ মৃতদেহ তেওঁৰ জন্মভূমি বৰপেটাৰ পাটাছাৰকুছিৰ বৰিগাঁৱলৈ পঠিওৱা হয় ৷
প্ৰেৰক গৌতম তালুকদাৰ

You might also like