পাঞ্জাৱৰ নিৰ্বাচনী প্ৰচাৰত কেজৰিৱাল পৰিয়াল
পাঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত সপৰিয়ালে নামি পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আম আদমী পাৰ্টীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভগৱন্ত মানৰ হৈ এইবাৰ প্ৰচাৰ চলালে খোদ কেজৰিৱালৰ পত্নী আৰু জীয়ৰীয়ে। মহিলা ভোটাৰক আকৃষ্ট কৰিবলৈ কালি ধুৰিৰ এখন সভাত অংশগ্ৰহণ কৰিলে কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে। লগত থাকে কেজৰিৱালৰ জীয়ৰী হৰ্ষিতা, মানৰ মাতৃ হৰপাল কৌৰ আৰু ভগ্নী মনপ্ৰীত কৌৰ।
সভাত ভাগ লৈ সুনীতাই ক’লে আম আদমী পাৰ্টীয়ে একমাত্ৰ দল যিয়ে প্ৰতিটো পৰিয়ালৰ উন্নয়ণৰ বাবে চিন্তা কৰে। ৰাজ্যখনৰ প্ৰতিগৰাকী মহিলাক এহাজাৰ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতিৰ কথাও তেওঁ ভাষণত দোহাৰিলে। আনহাতে, খুৰাক মানৰ সমৰ্থনত ভোটভিক্ষা কৰিলে কেজৰিৱালৰ জীয়ৰী হৰ্ষিতাই। তেওঁ ক’লে- ময়ো আন বন্ধু-বান্ধৱীসকলৰ দৰে বিদেশত পঢ়িবলৈ যাব পাৰিলোঁহেঁতেন, কিন্তু দেউতাৰ মতেইয়াত থাকি নিজৰ দেশৰ প্ৰগতিগ হ’কে কাম কৰিব লাগে।