বিবাহৰ অনন্য নিমন্ত্ৰণী পত্ৰ
বিবাহ সকলোৰে বাবে বিশেষ উচাহৰ। যিখন ঘৰত বিয়া লাগে, তাত বহু দিন আগৰে পৰাই প্রস্তুতি আৰম্ভ হয়। বিবাহৰ দিনটোৰ বাবে দৰা-কইনা দুয়োখন ঘৰৰ মানুহেই সকলো সম্পূৰ্ণকৈ আৰু সঠিককৈ কৰাৰ যত্ন কৰে। বিহাৰৰ এজন ব্যক্তিয়ে জীয়ৰীৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰখন অনন্য ধৰণে ছপাই সংবাদ শিৰোণামলৈ আহিছে। জানিব পৰা মতে, ব্যক্তিজন বিহাৰৰ ভোলা যাদৱ। অহা ১৬ ফেব্ৰুৱাৰীত তেওঁৰ ডাঙৰ কন্যাৰ বিয়া। তেওঁ বিয়াৰ পত্ৰখনত যৌতুক প্ৰথাৰ বিৰোধী বাৰ্তা দিয়াৰ লগতে সুৰাপান আৰু মাৰনাস্ত্ৰ সন্দৰ্ভতো আহ্বান জনায়। তেওঁ নিমন্ত্ৰিত অতিথিক আহ্বান জনায় যাতে কোনেও সুৰা পান কৰি আৰু মাৰনাস্ত্ৰ লৈ বিয়াৰ অনুষ্ঠানলৈ নাহে।