বান সন্দৰ্ভত নগাঁও জিলা প্ৰশাসনৰ বৈঠক
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ বান প্ৰস্তুতি সন্দৰ্ভত আজি নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ আৰু জিলাখনৰ উপায়ুক্ত নিসৰ্গ হিৱৰেৰ অধ্যক্ষতাত এখন বৈঠকৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰা বৈঠকখনত ভৱিষ্যতে বানপানীৰ ফলত হ’ব পৰা ক্ষতি হ্ৰাস কৰাৰ বাবে ইতিমধ্যে হাতত লোৱা তথা প্ৰয়োজন হ’ব পৰা বিভিন্ন প্ৰস্তুতিমূলক কাৰ্যকলাপৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়।
মুকলি আলোচনা অধিৱেশনখনত বান সাহায্য শিবিৰৰ উপলব্ধতা, ওখ ঠাইৰ আগতীয়া তালিকা, সাহায্য শিবিৰত খোৱা পানী নিৰীক্ষণ, সাহায্য শিবিৰত শৌচালয়ৰ উপলব্ধতা, সাহায্য শিবিৰত বিদ্যুৎ সংযোগ আদি বিষয়ৰ আলোচনা কৰা হয়। স্বাস্থ্য বিভাগৰ প্ৰতিনিধিক প্ৰয়োজনীয় ঔষধৰ সৈতে সাজু থাকিবলৈ আৰু প্ৰয়োজন হ’লে ক’ভিড সাজু হ’বলৈ কোৱা হয়। অন্যান্য প্ৰয়োজনীয় সাৱধানতামূলক ব্যৱস্থা যেনে, লাইফ জেকেট, ৰবৰৰ নাও, প্ৰশিক্ষিত স্বেচ্ছাসেৱকসকলৰ বিষয়েও আলোচনা কৰা হয়। বানপানী সম্পৰ্কীয় বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা, ডুব যোৱা আৰু সাহায্য খাদ্য সামগ্ৰীৰ জমা প্ৰতিৰোধৰ প্ৰতি বিশেষ মনোযোগ দিয়াত গুৰুত্ব আৰোপ কৰা হয়। পশুখাদ্য আৰু টিকাকৰণৰ বিষয়েও আলোচনা কৰা হয়। বৈঠকত আন বহুতো সম্পৰ্কিত বিষয়ৰ লগতে বানপানীৰ সময়ত গৰ্ভৱতী মহিলা, স্তনপান কৰাই থকা মাতৃ আৰু নৱজাতক শিশুসকলৰ সমস্যা দূৰ কৰাৰ উপায়ৰ বিষয়েও আলোচনা কৰা হয়।
বৈঠকত জিলা উন্নয়ন আয়ুক্ত উদয়াদিত্য গগৈ, নগাঁও জিলাৰ এএছপি নিৰুপম হাজৰিকা, ডিডিএমএৰ সদস্য আৰু জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিষয়ৰ বিভিন্ন বিভাগৰ মুৰব্বী আৰু বিষয়াসকল উপস্থিত থাকে।
প্ৰেৰক কনক হাজৰিকা