নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপলৈ মাজত ৫ দিন : ইৰানৰ ফুটবল দলক ভিছা আমেৰিকাৰ

ডিজিটেল ডেস্ক, ৭ জুন : সমগ্র বিশ্ব এতিয়া ফুটবল জ্বৰত আক্রান্ত৷ কিয়নো বিশ্বৰ আটাহতকৈ অভিজাত আৰু ৰাজকীয় ক্রীড়া মহাৰণ ফিফা বিশ্বকাপলৈ মাজত মাথোঁ কেহটামান দিন বাকী৷ সেয়ে কোটি কোটি ফুটবলপ্রেমীয়ে ১২ জুনত আমেৰিকাৰ ৰক্তপাতবিহীন ৰণাংগনত ৰণশিঙা বজালৈ অধীৰ আগ্রহেৰে অপেক্ষা কৰি আছে৷

ফিফা বিশ্বকাপৰ ইতিহাসত প্রথমবাৰৰ বাবে এইবাৰ ৪৮টা দলে সমুখ সমৰত লিপ্ত হ’ব৷ কিন্তু তাৰ মাজতে এক অনিশ্চয়তাৰ ক’লীয়া ডাৱৰে আৱৰি ধৰিছিল এছিয়াৰ অন্যতম ফুটবল দল ইৰানৰ অংশগ্রহণ সন্দর্ভত৷ কিয়নো বিগত চাৰি মাহৰো অধিক কাল ধৰি ইৰান–আমেৰিকাৰ মাজত চলি থকা সংঘাতৰ ফলত ইৰানৰ ফুটবল দলটোৱে আমেৰিকাত পদার্পণৰ বাবে ভিছা লাভৰ ক্ষেত্রত এক অনিশ্চয়তাই দেখা দিছিল৷ অৱশেষত সেই অনিশ্চয়তাৰ ক’লীয়া ডাৱৰ আঁতৰিছে৷ ইৰানৰ বিশ্বকাপ ফুটবল দলৰ সদস্যসকলক আমেৰিকা ভ্রমণৰ বাবে ভিছা প্রদান কৰা হৈছে৷

শুকুৰবাৰে দুগৰাকী আমেৰিকান বিষয়াই জনোৱা মতে, চলিত মাহত লছ এঞ্জেলছৰ ওচৰত অনুষ্ঠিত হ’বলগীয়া প্রথম দুখন মেচৰ বাবে মেক্সিকোৰ টিজুয়ানাত থকা তেওঁলোকৰ প্রশিক্ষণ ঘাটিৰ পৰা ইৰানী দলটোক আমেৰিকাত প্রৱেশৰ অনুমতি প্রদান কৰা হৈছে৷ উল্লেখ্য যে ইজৰাইল আৰু আমেৰিকাৰ সৈতে চলি থকা ইৰানৰ যুদ্ধই বিশ্বকাপত দলটোৰ অংশগ্রহণ জটিল কৰি তুলিছে৷ ভিছা প্রক্রিয়াকৰণৰ সমস্যাৰ বাবে ইৰানে ইয়াৰ পূর্বে নিজৰ প্রশিক্ষণ শিবিৰ এৰিজোনাৰ টাচনৰ পৰা কেলিফ’র্নিয়াৰ সৈতে থকা মেক্সিকো সীমান্তৰ টিজুয়ানালৈ স্থানান্তৰ কৰিছিল৷

আমেৰিকাৰ এগৰাকী বিষয়াই প্রকাশ কৰা মতে, ইৰানী দলৰ সকলো খেলুৱৈয়ে ভিছাৰ বাবে অনুমোদন লাভ কৰিছে আৰু তেওঁলোকে ভিছা লাভ কৰাৰ প্রক্রিয়াত আছে৷ আন এগৰাকী বিষয়াই কয় যে খেলুৱৈ, প্রশিক্ষক আৰু একাংশ সহায়ক কর্মচাৰীৰ বাবে ভিছা প্রদান কৰা হৈছে৷ ভিছা সন্দর্ভত ৰাজহুৱাভাৱে বক্তব্য ৰখাৰ কর্তৃত্ব নথকাৰ বাবে বিষয়া দুগৰাকীয়ে নাম প্রকাশ নকৰাৰ চর্তত এই কথা জনায়৷ আনহাতে, কোনো ইৰানী আবেদনকাৰীক ভিছা প্রদান নাকচ কৰা হৈছে নেকি সেই সন্দর্ভত কোনো তথ্য নাই বুলিও তেওঁ কয়৷ অৱশ্যে ইৰানী দলটোৰ ভ্রমণৰ বাবে তেওঁলোকৰ পাছপ’ৰ্ট কেতিয়া প্রদান কৰা হ’ব সেয়া এই মুহূর্তত স্পষ্ট হোৱা নাই যদিও বিষয়াগৰাকীয়ে কয় যে শুকুৰবাৰ বা শনিবাৰৰ ভিতৰতে প্রদান কৰা হ’ব পাৰে৷

উল্লেখ্য যে টিজুয়ানালৈ ৰাওনা হোৱাৰ পূর্বে তুৰস্কৰ আণ্টালিয়াত অনুষ্ঠিত প্রশিক্ষণ শিবিৰত ইৰানী দলটোৱে বিশ্বকাপৰ বাবে প্রস্তুতি চলাইছিল৷ দলটোৱে জনোৱা মতে, ইতিমধ্যে আংকাৰাত থকা মেক্সিকান দূতাৱাসৰ পৰা তেওঁলোকে ভিছা লাভ কৰিছে৷ আনহাতে, তুৰস্কত থকা আমেৰিকান ৰাষ্ট্রদূত টম বেৰেকে ইৰানৰ দলটোৰ ভিছা প্রক্রিয়াকৰণৰ বাবে আংকাৰাত থকা আমেৰিকান দূতাৱাসক কৃতিত্ব প্রদান কৰে৷ শুকুৰবাৰে ছ’চিয়েল মিডিয়াত বেৰেকে লিখিছে, ‘ক্রীড়াই সীমাৰ পৰিধি ভেদ কৰে আৰু আমি বিশ্বৰ বিভিন্ন প্রান্তৰ প্রতিযোগী আৰু অনুৰাগীক আদৰিবলৈ আগ্রহী৷’

You might also like