নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাগৰৰ বুকুত এমাইল দীঘল ভাসমান মহানগৰ, ‘ফ্রীডম শ্বিপ’ক লৈ বিশ্বজুৰি আলোড়ন

ডিজিটেল ডেস্ক, ৭ জুন : বিজ্ঞান–প্রযুক্তিৰ চৰম উৎকর্ষৰ যুগত মানুহে এতিয়া স্থলভাগ এৰি সাগৰৰ বুকুত স্থায়ী বসতি স্থাপনৰ দিশে অগ্রসৰ হৈছে৷ শেহতীয়াকৈ বিশ্বজুৰি চর্চালৈ আহিছে এক অভূতপূর্ব মেগা প্রকল্প, যাৰ নাম দিয়া হৈছে ‘ফ্রীডম শ্বিপ’৷ এমাইলতকৈও অধিক দৈর্ঘ্যৰ এই বিশাল জাহাজখন কেৱল এখন বিলাসী ক্রুজ জাহাজেই নহয়, বৰঞ্চ ই হ’ব মানৱ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভাসমান মহানগৰ৷

আমেৰিকাৰ এক আগশাৰীৰ কোম্পানীৰ নেতৃত্বত এই চর্চিত প্রকল্পটোৰ নতুন ডিজাইন আৰু পৰিকল্পনা অলপতে ৰাজহুৱা কৰাৰ পিছৰে পৰা বিশ্বজুৰি সৃষ্টি হৈছে আলোড়ন৷ প্রকল্পৰ নক্সা অনুসৰি এই বিশাল জাহাজখন প্রায় ৩০ মহলাযুক্ত হ’ব৷ ইয়াক এনেদৰে নির্মাণৰ পৰিকল্পনা কৰা হৈছে যাতে এখন আধুনিক চহৰৰ সকলো সুবিধা উপলব্ধ হয়৷ ভাসমান মহানগৰখনত ৫০ হাজাৰ স্থায়ী বাসিন্দাৰ বাবে আধুনিক এপার্টমেণ্ট থাকিব৷ তদুপৰি ১০ হাজাৰ পর্যটক আৰু ২০ হাজাৰ কর্মচাৰীসহ ৮০ হাজাৰ লোকে ইয়াত আৰামেৰে বসবাস কৰিব পাৰিব৷

জাহাজখনত স্কুল–কলেজ, বেংক, হাস্পতাল, শ্বপিং মলকে ধৰি ৰেস্তোৰাঁও থাকিব৷ তদুপৰি ১৫ হাজাৰ আসনযুক্ত ক্রীড়া ষ্টেডিয়াম, থিয়েটাৰ, চহৰখনৰ ভিতৰতে যাত্রা কৰিবলৈ সুকীয়া ট্রাম্প ব্যৱস্থাও থাকিব৷ জাহাজখনৰ আটাইতকৈ আকর্ষণীয় বৈশিষ্ট্য হৈছে ইয়াৰ একেবাৰে ওপৰভাগত এটা ৰানৱে’ আৰু ব্যক্তিগত আৰু ব্যৱসায়িক বিমান উৰণ–অৱতৰণ কৰিব পৰাকৈ আঠটা হেলিপেড থাকিব৷ প্রায় ১.৮ কিলোমিটাৰ দৈর্ঘ্য, ২৫০ মিটাৰ প্রস্থ আৰু ২৩ লাখ টন ওজনৰ জাহাজখন বর্তমানৰ সর্ববৃহৎ জাহাজ আইকন অৱ দ্য ছিজতকৈ ১০ গুণ ডাঙৰ হ’ব৷

পাৰমাণৱিক শক্তিৰে পৰিচালনা কৰিবলগীয়া জাহাজখনৰ নির্মাণ ব্যয় ১৬.১৬ বিলিয়ন মার্কিন ডলাৰ হ’ব বুলি অনুমান কৰা হৈছে৷ পৃথিৱীৰ কোনো বন্দৰতে ইয়াক ৰখাব পৰা নহ’ব৷ সেয়েহে সদায় ওপঙি থকা জাহাজখনে প্রতি দুবছৰত সমগ্র পৃথিৱীক এবাৰ পৰিক্রমা কৰিব পাৰিব৷ বর্তমানলৈকে নির্মাণকার্য আৰম্ভ হোৱা নাই যদিও এই প্রকল্প বাস্তৱায়িত হ’লে মানৱ ইতিহাসৰ অনন্য আৰু সর্ববৃহৎ আভিযান্ত্রিক কৃতি হিচাপে পৰিগণিত হ’ব৷

You might also like