বালিগাঁও মিৰিত মিচিং জনগোষ্ঠীৰ আলি-আয়ে-লৃগাঙৰ আয়োজন
নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ প্ৰতিবছৰৰ দৰে এইবেলিও সমগ্ৰ ৰাজ্যৰ বিভিন্ন মিচিং জনগোষ্ঠীয় ৰাইজ অধ্যুষিত অঞ্চলৰ সমান্তৰালভাৱে শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ অন্যতম আদৰ্শ তথা সেউজ গাঁও খিতাপেৰে স্বীকৃত বালিপৰাৰ খনামুখৰ সমীপৱৰ্তী বালিগাঁও মিৰি গাঁৱত বৰ্ণাঢ্য পৰম্পৰাগত কাৰ্যসূচীৰে মিচিং জনগোষ্ঠীয় সমাজৰ আলি-আয়ে-লৃগাঙৰ আয়োজন কৰা হৈছে ।
বালিগাঁও মিচিং যুৱক সংঘ আৰু বালিগাঁও মিচিং মহিলা সমিতিৰ উদ্যোগত আৰু বালিগাঁও মিৰি গাঁও উন্নয়ন সমিতিৰ সহযোগত বালিগাঁও মিৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আয়োজন কৰা হৈছে আলি-আয়ে-লৃগাং । অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি, পুৱা ৭ বজাত আলি-আয়ে-লৃগৌদ, পুৱা ৮ বজাত আলি-আয়ে-লৃগাঙৰ পতাকা উত্তোলন, বালিগাঁও মিৰি গাঁও উন্নয়ন সমিতিৰ পতাকা উত্তোলন, বালিগাঁও মিচিং যুৱক সংঘৰ পতাকা উত্তোলন, বালিগাঁও মিচিং মহিলা সমিতিৰ পতাকা উত্তোলন, পুৱা ৮:৩০ বজাত স্মৃতি তৰ্পণ , বিয়লি ২:৩০ বজাত বিশেষ সম্বৰ্ধনা অনুষ্ঠান, বিয়লি ৩:০০ বজাৰ পৰা সমূহীয়া গুমৰাগ ছ:মান কাৰ্যসূচী অনুষ্ঠিত হ’ব । অনুষ্ঠানত অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ উদযাপন সমিতিৰ সভানেত্ৰী গুণেশ্বৰী মিলি, কাৰ্যকৰী সভাপতি বিৰুচন মিলি, সাধাৰণ সম্পাদকদ্বয় সজীৱ মিলি আৰু সমীৰ মিলিয়ে কামনা কৰিছে ।
প্ৰেৰক প্ৰাঞ্জল পি বৰা