নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ অখণ্ডতাত আঘাতঃ ৰাহুল গান্ধীৰ টুইটৰ বিৰুদ্ধে ৰূপজ্যোতিৰ এজাহাৰ দাখিল

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এটা টুইটত উত্তৰ পূৱক ভাৰতৰ পৰা বিচ্ছেদ কৰা কাৰ্য্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে একালৰ সহযোগী, প্ৰাক্তন কংগ্ৰেছী তথা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী । কংগ্ৰেছ নেতাজনে ভাৰতবৰ্ষক কাশ্মীৰৰ পৰা কেৰালা আৰু গুজৰাটৰ পৰা পশ্চিমবংগলৈকে বুলি উল্লেখ কৰি উত্তৰ পূৰ্বাঞ্চলৰ অস্তিত্বক নাকচ কৰিব বিচৰা কাৰ্য্যক সমালোচনা কৰাৰ লগতে ৰাহুল গান্ধীৰ এনে কাৰ্য্যৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ।

কালি ৰাতি প্ৰায় ১১ বজাত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নি থানাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । মৰিয়নি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম গোৱালাৰ হাতত এজাহাৰ দাখিল কৰি কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । আনহাতে, এজাহাৰ দাখিল কৰি কুৰ্মীয়ে কয় – ৰাহুল গান্ধীৰ টুইটে ভাৰতৰ ঐক্য আৰু অখণ্ডতাত আঘাত সানিছে । তেওঁ লগতে পাকিস্তানৰ এজেন্ট হিচাপে ৰাহুল গান্ধীয়ে কাম কৰি থকা যেন পৰিলক্ষিত হোৱা বুলিও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ।

আনহাতে, ৰামায়ন মহাভাৰতৰ দিনৰে পৰা অসম আৰু উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ অংগ হৈ থকাৰ পিছতো ৰাহুল গান্ধীয়ে উত্তৰ পূৰ্বাঞ্চলক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা চলাইছে বুলি মন্তব্য কৰি এই ক্ষেত্ৰত ৰাহুল গান্ধীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like