নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৱেগবিহ্বল পত্নীৰ প্ৰশ্ন- মোৰ স্বামীক কিয় গুলীয়াই মাৰি পেলালেঃ বৰসিং তিছোৰ হত্যাকাৰীৰ শাস্তিৰ দাবীত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ “মোৰ নিৰীহ স্বামীক কিয় গুলীয়াই মাৰি পেলালে। মোৰ আৰু দুই কন্যাৰ কি হব। মোৰ স্বামীয়ে আত্মসমৰ্পণ কৰাৰ পিছতো কিয় গুলীয়াই দিয়া হল। মোৰ স্বামীৰ হত্যাকাৰীক কঠোৰতম শাস্তি দিবই লাগিব”। সোমবাৰে নিশা মৰিগাঁও জিলাৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী ১ নং কুঠৰী গাঁৱত বন টহলদাৰীৰ অপ্ৰৰোচিত গুলীচালনাত কৰুণ মৃত্যুক সাৱটি লোৱা বৰসিং তিছোৰ মৃত্যুৰ প্ৰতিবাদত মৰিগাঁৱত আজি জনগোষ্ঠীয় সংগঠনসমূহে অনুষ্ঠিত কৰা প্ৰতিবাদী ধৰ্ণাত উপস্থিত হৈ এইদৰে প্ৰশ্ন উত্থাপন কৰে নিহত বৰসিং তিছোৰ পত্নী ৰমভা ভৰালীয়ে। ৬ বছৰীয়া কন্যা কৰ্বি টিচুপি আৰু ৮ মহীয়া কন্যা মায়শ্ৰী টিচুপিক কোলাত লৈ প্ৰতিবাদস্থলীতে কান্দোনত ভাগি পৰে মৃত বৰসিঙৰ পত্নী।

বৰসিঙৰ পত্নীৰ অভিযোগ অনুসৰি উক্ত অঞ্চলত থকা বন শিবিৰৰ বীট অফিচাৰ আৰু ফৰেষ্ট গাৰ্ডসহ কেইবাজনো বনকৰ্মী তেওঁলোকৰ ঘৰলৈ প্ৰায়ে আহিছিল সুৰাপান কৰিবলৈ। সোমবাৰেও ধনৰ বিনিময়ত বনাঞ্চলৰ অন্তৰ্ভাগত প্ৰৱেশৰ বুজাবুজি হৈছিল তেওঁৰ স্বামীৰ সৈতে। কিন্তু তাৰ পিছতে নিশা উক্ত শোকাৱহ ঘটনাটো সংঘটিত হয়।

আনহাতে এই ঘটনাৰ প্ৰতিবাদত আজি মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, মৰিগাঁও জিলা ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ ইউনিয়ন, কাৰ্বি ছাত্ৰ সন্থা, তিৱা মহিলা সন্থা, সদৌ অসম ট্ৰাইবেল য়ুথ লীগ, মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ নেতা কৰ্মীসকলে দোষী বন বিষয়া আৰু বনকৰ্মীৰ গ্ৰেপ্তাৰ আৰু দৃষ্টান্তমূলক শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ কৰে।

প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ অসম ট্ৰাইবেল য়ুথ লীগৰ সভাপতি ৰিমল আমচিয়ে কয় যে ভূমিপুত্ৰক এনেদৰে গুলীয়াই হত্যা কৰাৰ অধিকাৰ বন বিভাগক কোনে দিলে। আত্মসমৰ্পণ কৰিব বিচৰা এজন ব্যক্তিক এনেদৰে গুলীয়াই হত্যা কৰা ঘটনাক সংগঠনসমূহে কেতিয়াও সহজভাৱে নলয় আৰু ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিব। আনহাতে প্ৰতিবাদী সংগঠনকেইটাই কয় যে ধনৰ বিনিময়ত কুঠৰী বীটৰ বন বিষয়া আৰু ফৰেষ্ট গাৰ্ডৰ অনুমতিসাপেক্ষে কাঠ কাটিবলৈ বনাঞ্চলত প্ৰৱেশ কৰিছিল।

কিন্তু সেই সময়তে উক্ত স্থানত উপস্থিত হোৱা বন বিভাগৰ দলে জধেমধে গুলীচালনা কৰে। যাৰ ফলত নিহত হয় বৰসিং তিছো।আনহাতে সংগঠনসমূহে মৃত বৰসিঙৰ পৰিয়ালক ৫০ লাখ টকাৰ এককালীন সাহাৰ্য আৰু সংস্থাপন প্ৰদানৰ দাবী উত্থাপন কৰিছে।
প্ৰেৰক প্ৰাঞ্জল দাস

You might also like