নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগী ভকতগাঁও-বঢ়মপুৰত চিলাৰায় দিৱস উদযাপন

জাগী ভকতগাঁৱত চিলাৰায় দিৱস উদ্ যাপন

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ জাগীৰোডৰ ভকতগাঁৱত আজি দিনজোৰা কাৰ্যসূচীৰে মহাবীৰ চিলাৰায়ৰ ৫১২সংখ্যক জন্ম দিৱসটি উদ্ যাপন কৰা হয়। কোচ ৰাজবংশী মৰিগাঁও জিলা যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত স্থানীয় সমূহীয়া ভৱনত অনুষ্ঠিত অনুষ্ঠানটিত মৰিগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ প্ৰাক্তন উপ: সভাপতি নাৰায়ণ ডেকা আৰু জিলা যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক গোবিন বৰাই কোচ ৰাজবংশীৰ পতাকা আৰু যুৱ ছাত্ৰ সন্মিলনৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। তাৰ পিছতেই মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ প্ৰাক্তন সদস্য হেমকান্ত ডেকাই।আনহাতে কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ছাত্ৰ- ছাত্ৰীসকলৰ মাজত যোগাসনৰ অনুষ্ঠানো ৰূপায়ন কৰা হয়। পৰৱৰ্তী সময়ত কোচ ৰাজবংশী সন্মিলনৰ মৰিগাঁও জিলা সমিতিৰ প্ৰাক্তন উপ:সভাপতি নাৰায়ণ ডেকাৰ পৌৰোহিত্যত এখনি মুকলি সভা অনুষ্ঠিত হয়। এই সভাখনতে অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী পৰমেশ্বৰী ডেকাক “অকণিৰ বীৰ চিলাৰায়” নামৰ শিক্ষাৰ্থীসকলৰ উপযোগী গ্ৰন্থখন লিখাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি শিক্ষয়িত্ৰী তথা লেখিকা পৰমেশ্বৰী ডেকাই বীৰ চিলাৰায়ৰ জীৱন আৰু দৰ্শন সন্দৰ্ভত সাৰুৱা ভাষণ প্ৰদান কৰি বীৰ চিলাৰায়ৰ আদৰ্শৰে বাট বুলি এখন সৰ্বাংগ সুন্দৰ সমাজ গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায়। আনহাতে এই সভাখনত জাগী ভকতগাঁও গাওঁ পঞ্চায়তৰ সভাপতি প্ৰণৱ দাস, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক লক্ষেশ্বৰ ডেকা, সমাজকৰ্মী শৰৎ ডেকা, মৰিগাঁও জিলা কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক জয়ন্ত সাগৰ শইকীয়া, সমাজকৰ্মী জিতু ডেকা,বিশ্বজিৎ ডেকা,অৰুণ ডেকা,উদ্ধৱ ডেকা,যাদৱ বৰুৱা,জয়ন্ত বৰুৱা, ৰমেন ডেকা,ভৈৰৱ ডেকা,যুৱ নেতা তপন ডেকা উদ্যোগী যুৱক পংকজ প্ৰতীম ডেকা,বিৰিঞ্চি ডেকা প্ৰমুখ্যে জাগী ভকতগাঁও অঞ্চলৰ কেইবাগৰাকীও গণ্য-মান্য ব্যক্তিৰ লগতে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল উপস্থিত থাকে।                     প্ৰেৰক হৰিপ্ৰসাদ মল্লিক

বঢ়মপুৰত চিলাৰায় দিৱস পালন

বিশেষ বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : বঢ়মপুৰ আঞ্চলিক কোচ-ৰাজবংশী সন্মিলনীৰ উদ্যোগত আজি বঢ়মপুৰস্থিত চিলাৰায় ভৱনত ৫১২সংখ্যক বীৰ চিলাৰায় দিৱসটি দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয় । পুৱা সন্মিলনীৰ সভাপতি মুকুল শইকীয়াই পতাকা উত্তোলন, সহ:সম্পাদক হৰকান্ত শইকীয়া আৰু সাংগঠনিক সম্পাদক প্ৰদীপ ভূঞাই বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন ও শ্ৰদ্ধাঞ্জলি জনায় । অন্যান্য কাৰ্য্যসূচীৰ পিছতে মুকুল শইকীয়াৰ সভাপতিত্বত চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি ভৱনৰ প্ৰাংগণত এক আলোচনাচক্ৰ অনুষ্ঠিত হয় । সোনাধৰ বৰাই আঁত ধৰা উক্ত আলোচনা চক্ৰতে মহাবীৰজনাৰ স্থায়ী প্ৰতিমূৰ্তি , গৃহ নিৰ্মাণ আৰু চৌহদ পকীকৰণৰ বাবে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ জৰিয়তে ব্যৱস্থা ল’বৰ বাবে প্ৰদীপ ভূঞাই আহ্বান জনায় । আজিৰ এই অনুষ্ঠানত বঢ়মপুৰ আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক সোনাধৰ বৰাকে প্ৰমুখ্যে কৰি সদস্য ভুৱন শইকীয়া , নগেন শইকীয়া, বকুল বৰা , হিমাংশু শইকীয়া , দেৱকান্ত তামুলী আৰু বিদ্যুৎ বৰা আদিৰ লগতে অঞ্চলৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।                                                                     প্ৰেৰক কনক হাজৰিকা

You might also like