ঐনিতমৰ সুৰেৰে মুখৰ বালিগাঁও মিৰিৰ পৰিৱেশ
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কালি শোণিতপুৰৰ খনামুখৰ সমীপৱৰ্তী বালিগাঁও মিৰিত মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং উদযাপন কৰা হয় । বালিগাঁও মিচিং যুৱক সংঘ আৰু বালিগাঁও মিচিং মহিলা সমিতিৰ উদ্যোগত আৰু বালিগাঁও মিৰি গাঁও উন্নয়ন সমিতিৰ সহযোগত বালিগাঁও মিচিং যুৱক সংঘৰ কাৰ্যালয় প্ৰাংগণত প্ৰতিবছৰৰ দৰে এইবেলিও লৃগাং উদযাপন কৰে । লৃগাঙত ঐনিতম, ঢোল, তাল ,বাদ্যৰ শব্দত মুখৰিত হৈ পৰে সমগ্ৰ বালিগাঁও ।
অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ৭:০০ বজাত অনুষ্ঠানস্থলীত পৰম্পৰাগতভাৱে আলি আলে লৃগৌদ অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানটো পৌৰোহিত্য কৰে বিচাম মিলিয়ে । লৃগৌদৰ পিছতে অনুষ্ঠিত হয় পতাকা উত্তোলন কাৰ্যসূচী । অনুষ্ঠানস্থলীত আলি আয়ে লৃগাঙৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিৰুচন মিলিয়ে , বালিগাঁও মিৰি গাঁও উন্নয়ন সমিতিৰ পতাকা উত্তোলন কৰে উন্নয়ন সমিতিৰ সভাপতি দেৱেন মিলিয়ে , বালিগাঁও মিচিং যুৱক সংঘৰ পতাকা উত্তোলন কৰে যুৱক সংঘৰ সভাপতি দীনেশ মিলিয়ে আৰু বালিগাঁও মিচিং মহিলা সমিতিৰ পতাকা উত্তোলন কৰে মহিলা সমিতিৰ সভানেত্ৰী গুণেশ্বৰী মিলিয়ে ।
স্মৃতি তৰ্পণ কৰে বালিগাঁও মিৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰেন্দ্ৰ মিলিয়ে । অনুষ্ঠানত বালিগাঁৱৰ জ্যেষ্ঠ নাগৰিক ক্ৰমে এমেন পাৱ আৰু বিচিনাথ মিলিক বিশেষ সম্বৰ্ধনা জনায়। বিয়লি অনুষ্ঠিত হয় সমূহীয়া গুমৰাগ ছ:মান অনুষ্ঠান । অনুষ্ঠান শুভ উদ্বোধন কৰে বালিগাঁও মিচিং যুৱক সংঘৰ প্ৰাক্তন সভাপতি খৰ্গেশ্বৰ পায়েঙে। অনুষ্ঠান আঁত ধৰে সমাজকৰ্মী দেনেশ্বৰ পাৱ । অনুষ্ঠানত গাঁওখনৰ মহিলাসকলে মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি গুমৰাগ নৃত্য পৰিৱেশন কৰে ।
অনুষ্ঠানটোত ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, সমাজসেৱক প্ৰশান্ত দাস, বালিগাঁও মিৰি গাঁও উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক ৰণক পাৱ,বালিগাঁও মিচিং মহিলা সমিতিৰ সম্পাদিকা পূৰ্ণিমা মিলি, সজীৱ মিলি, সমীৰ মিলি,বিশিষ্ট সমাজসেৱক কমিচন মিলি, প্ৰমেন মিলি, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ শোণিতপুৰ জিলা সমিতিৰ মুখ্য সম্পাদক তথা বালিপৰা শাখা সাহিত্য সভাৰ সম্পাদক প্ৰাঞ্জল প্ৰতিম বৰা, বালিপৰা আঞ্চলিক পঞ্চায়ত সদস্য লচ্ছু ছেত্ৰী , সমাজসেৱক তুলসী শৰ্মা, চেৰেং তপ্ন, কৃষ্ণ কান্ত পায়েঙৰ লগতে ভালেমান বিশিষ্ট আমন্ত্ৰিত ব্যক্তি উপস্থিত থাকে । নিশা অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃতিক সন্ধ্যা ।
প্ৰেৰক প্ৰাঞ্জল বৰা