নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনচিবিলৈ হস্তান্তৰ ৰাজ্যৰ ড্রাগ্ছৰ গোচৰ

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনে ক্ষমতা দখলৰ দিনৰে পৰাই সমাজ ধ্বংসকাৰী ড্রাগ্ছৰ বিৰুদ্ধে শূন্য সহনশীলতাৰে নিৰন্তৰ অভিযান চলাই আহিছে যদিও এতিয়াও অসমৰ মাজেৰে বৰবিহৰ সৰবৰাহ অব্যাহত আছে৷ তদুপৰি সৰবৰাহকাৰীসকলে অসমৰ মাজেৰে ড্রাগ্ছ কঢ়িয়াই নিয়াৰ ক্ষেত্রত নিত্য নতুন কৌশল অৱলম্বন কৰি তেওঁলোকৰ বেহা অব্যাহত ৰাখিছে৷ শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই সেই মন্তব্য কৰি কয় যে চৰকাৰৰ তীব্র অভিযানৰ পাছতো অসমৰ মাজেৰে ড্রাগ্ছৰ সৰবৰাহ হৈ আহিছে৷ যোৱা ১০টা দিনত ৰাজ্যখনত প্রায় ৩০ কোটি টকাৰ ড্রাগ্ছ জব্দ কৰা হৈছে৷ এই সময়ছোৱাত এনচিবিয়েও ড্রাগ্ছ জব্দ কৰিছে৷ ড্রাগ্ছৰ বিৰুদ্ধে কঠোৰ অভিযান চলি থকাৰ পৰিপ্রেক্ষিতত সৰবৰাহকাৰীসকলে শেহতীয়াকৈ তেওঁলোকৰ কৌশল সলনি কৰিছে৷ এতিয়া তেওঁলোকে ৰে’লযোগে পঠিওৱাৰ লগতে যাত্রীৰ জৰিয়তে, ট্রাকৰ ইঞ্জিন ম’ডিফাই কৰি গোপনে অসমৰ মাজেৰে ড্রাগ্ছৰ সৰবৰাহ কৰি আহিছে৷ অৱশ্যে অসমত তীব্র অভিযান চলি থকাৰ বাবে ৰাজ্যখনত ড্রাগ্ছ আনলোড কৰাৰ পৰিৱর্তে অসমৰ বাহিৰলৈ নিয়া হৈছে৷ কমসংখ্যক ড্রাগ্ছহে এতিয়া অসমৰ বাবে অনা হয়৷

বাকীখিনি ৰাজ্যৰ বাহিৰলৈ পঠিয়ায়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে ড্রাগ্ছৰ কেইবাটাও গোচৰ এনচিবিক হস্তান্তৰ কৰিছে৷ এনচিবিয়ে ড্রাগ্ছৰ সৰবৰাহ ৰোধৰ ক্ষেত্রত উত্তৰ–পূবক লৈ যথেষ্ট সক্রিয় হৈ আছে৷ অসম আৰক্ষীৰ ড্রাগ্ছৰ বিৰুদ্ধে চলা অভিযানৰ ক্ষেত্র যিহেতু অসমতে সীমাবদ্ধ, সেয়ে এনচিবিৰ জৰিয়তে এই ভয়ানক বৰবিহৰ বিৰুদ্ধে অভিযান চলোৱাত চৰকাৰে গুৰুত্ব দিছে৷

You might also like