নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানুহে নিজৰ পৰিচয় কিহেৰে দিয়ে

মানুহে নিজৰ পৰিচয় কিহেৰে দিয়ে? কিহেৰে মানুহে নিজৰ ভাব, চিন্তা, অনুভৱ, কল্পনা, জ্ঞান, বুদ্ধি প্রকাশ কৰে? পূর্বপুৰুষৰ দিনৰ পৰা চলি অহা কোনো ধর্ম–বিশ্বাসেৰে নে নিজৰ নিজৰ মাতৃভাষাৰে? ধর্মৰ ক্ষেত্রত যিমানেই গোডা হওক ধর্মই কথা নকয়৷ আনকি ধর্মৰ বিষয়েও মানুহে নিজৰ নিজৰ ভাষাৰেহে কথা কয়৷ এতেকে একে ধর্মবিশ্বাসী মানুহৰ ভিতৰতো বেলেগ বেলেগ ভাষাৰ মানুহ আছে আৰু থাকিব৷ মানুহৰ বিশ্বাস বা জ্ঞানে পোনপটীয়াকৈ কথা ক’ব নোৱাৰে৷ নিজৰ নিজৰ ভাষাৰ আশ্রয় ল’বই লাগিব৷ আনকি ব্যক্তিগত ভাব, অনুভৱ, চিন্তা মানুহে নিজৰ ভাষাৰেই প্রকাশ কৰে৷ সেই ভাব, চিন্তা, অনুভৱ ভাষাৰ আশ্রয় নোলোৱাকৈ প্রকাশ পাব নোৱাৰে৷ অৱশ্যেই শৰীৰৰ বিভিন্ন অংগ–পত্যংগৰেও প্রাথমিকভাৱে মানুহে কিছু কথা প্রকাশ কৰি আহিছে, কৰি থাকিব৷ কেৱল মানুহেই নহয়, জীৱ–জন্তুৱেও৷ শত্রু যেন দেখিলে জীৱ–জন্তুৱেও হয় খোঁচ মাৰিব নাইবা কামুৰিবলৈ যত্ন কৰিব৷ এনেভাৱে আত্মপ্রকাশৰ বিভিন্ন উপায় থাকিলেও ভাষাৰ দৰে শক্তিশালী দ্বিতীয় এটা মাধ্যম নাই৷
প্রত্যেক মানুহেই যিটো ভাষিক পৰিৱেশত বা পৰিয়ালত জন্মগ্রহণ কৰে, জন্ম হোৱাৰ পিছৰ পৰাই সেই ভাষিক পৰিৱেশ বা পৰিয়ালত ব্যৱহূত শব্দৰ যোগেদিয়েই কেঁচুৱাৰ পৰিচয় লাভ কৰা ক্রিয়াটো আৰম্ভ হয়৷ জন্মলাভ কৰা শিশুৱে প্রথম মাকৰ মুখৰ পৰাই শব্দ শুনিবলৈ ধৰে৷ তেনে এটা কেঁচুৱা যদি অন্য ভাষা–ভাষী মহিলাই তুলি লয় বা পুৰুষে হ’লেও যদি তুলি লয়, তেনে লোকৰ মুখৰ ভাষাই শিশুটোৰ নিজৰ ভাষালৈ ৰূপান্তৰিত হয়৷ আনকি লাহে লাহে যেতিয়া এটা শিশুৱে ভোকত কন্দাৰ সলনি ভোক বুলি ইংগিত দিব পৰাকৈ কোনো ধ্বনি উচ্চাৰণ কৰিব পৰা হয়, সি লাহে লাহে সেই ধ্বনিৰে বুজাব খোজা শব্দটো শিকি লয়৷ এনেকৈ সি সেই ভাষাৰেই নিজৰ ভাব, চিন্তা, অনুভৱ, জ্ঞান এই সকলো সঠিকভাৱে প্রকাশ কৰিব পৰা হৈ উঠে৷ প্রকাশ কৰিব পৰা হৈ উঠে সি চাৰিওফালে দেখা, শুনা, স্পর্শ কৰা, গন্ধ পোৱা বা হাতেৰে চুই পোৱা বিভিন্ন বিষয়বোৰৰ গুণ আৰু ৰূপ সি শিকা শব্দৰ সৈতে৷ সেই ভাষাটো তাৰ মস্তিষ্কৰ পৰা উশাহ–নিশাহ লৈ থকা তাৰ হূদয়ন্ত্রপর্যন্ত তাৰ নিজৰ ভাষা হৈ পৰে৷ এই ভাষাটো তাৰ ভিতৰৰ মানুহটোৰ দ্বিতীয় মাতৃ যেন হয়৷ প্রথমগৰাকী তাৰ জন্মদাত্রী মাতৃ, দ্বিতীয়গৰাকী হ’ল তাৰ মনৰ ভাব প্রকাশ কৰিবলৈ শিকোৱা মাতৃ৷ সেইবাবেই মাতৃভাষাক পণ্ডিতসকলে মাতৃদুগ্ধৰ লগত তুলনা কৰে৷ মাতৃদুগ্ধই যিদৰে শিশুটোক ডাঙৰ–দীঘল হোৱাত ঘাই সহায় কৰে, তেনেকৈ সি শিকা ভাবটোৱেও ভিতৰৰ মানুহটোক বিভিন্ন বিষয়ত অভিজ্ঞ কৰি আত্মপ্রকাশ কৰিব পৰাকৈ ডাঙৰ–দীঘল কৰে৷ এনেকৈয়ে মাতৃভাষাটো হৈ উঠে আত্মপৰিচয়ৰ গুৰুত্বপূর্ণ আধাৰ৷ এই বিষয়ে জ্ঞান থকা, মাতৃভাষা সম্পর্কে সামান্য সচেতন মানুহেও নিজৰ পৰিচয়ৰ এই প্রধান আধাৰটো হেৰুৱাবলৈ ৰাজী হ’বনে?
কোনো সন্দেহ নাই অসমকে ধৰি পূব ভাৰতৰ আৰু উত্তৰ ভাৰত আৰু পশ্চিম ভাৰতৰ একাংশলৈকে গঢ় লৈ উঠা বিভিন্ন ভাষা কোৱা বেলেগ বেলেগ ৰাজ্যৰ মানুহখিনিৰ ভাষাৰ মূল আছিল সংসৃকত৷ এই সংসৃকতৰ পৰা এই অঞ্চলটোৰ বিভিন্ন ঠাইত সাধাৰণ মানুহৰ মুখত পৰি এই ভাষাটোৱে বেলেগ বেলেগ কথিত ৰূপ গ্রহণ কৰিলে৷ সাধাৰণ অর্থাৎ প্রাকৃত মানুহৰ মুখৰ ভাষা বাবে এই ভাষাক ‘প্রাকৃত ভাষা’ (প্রাকৃত জনানাং ভাষা ইতি প্রাকৃত) বুলি কোৱা হ’বলৈ ধৰিলে৷ পৈশাচী, শৌৰসেনী, মাগধী, আৰু কামৰূপী– কালক্রমত এইকেইটা প্রাকৃতৰ অপভ্রংশ ৰূপৰ পৰা উল্লিখিত অঞ্চলৰ ভাষাসমূহ গঢ় লৈ উঠিল৷ যদিও কামৰূপী প্রাকৃতৰ অৱস্থিতিৰ কথা পণ্ডিত ডিম্বেশ্বৰ নেওগ প্রমুখ্যে পণ্ডিতসকলে ধ্বনিগত আৰু ৰূপগত বিজ্ঞানসন্মত পদ্ধতিৰে প্রমাণ দাঙি ধৰি গৈছে ভাৰতৰ অনেক পণ্ডিতে মাগধী অপভ্রংশৰ পৰাই অসমীয়া ভাষা ওলোৱা বুলি কৈ আহিছে৷ কিন্তু অসমীয়া ভাষাত সোমোৱা দক্ষিণ–পূব এছিয়াৰ বিভিন্ন অবিকশিত লোকভাষাৰ ৰূপগত আৰু ধ্বনিগত সূত্রসমূহে বাকীসকলৰ এই বিষয়ৰ বক্তব্য স্বাভাৱিকভাৱেই নাকচ কৰে৷ অৱশ্যে সংসৃকতৰ তৎসম শব্দবিলাকৰ আমি ভাৰতবর্ষৰ উল্লিখিত অঞ্চলসমূহৰ ভাষাৰ লগত থকা সম্পর্ক অসমীয়া কোনো পণ্ডিতে নুই কৰা নাই৷ তদ্ভৱ শব্দসমূহৰ ক্ষেত্রতো কিছু পৰিমাণে এই কথা খাটে৷ বহু সময়ত আনকি আমাৰ অসমৰো অনেক পণ্ডিতে অনেক ভাৰতীয় পণ্ডিতে দাঙি ধৰা ভ্রান্তিযুক্ত ধাৰণাকে এতিয়াও আনকি গ্রহণ কৰি থকা যেন লাগে৷
বিহাৰৰ পৰা আৰম্ভ কৰি পূর্বৰ উত্তৰ প্রদেশ, হাৰিয়ানা, ৰাজস্থান আৰু মধ্যপ্রদেশপর্যন্ত সমগ্র অঞ্চলত থকা পূর্বৰ সৰু সৰু অনেক ভাষাৰ লগত হিন্দী ভাষাৰ ধ্বনিগত আৰু ৰূপগত সম্পর্ক আৰু কোনো কোনো ক্ষেত্রত মিল থকাৰ বাবে এই সমগ্র বিশাল অঞ্চলটো হিন্দী ভাষাৰ বলয়ত পৰিণত হ’ল৷ দৰাচলতে জন্মৰ ফালৰ পৰা হিন্দী ভাষা অসমীয়া, বাংলা, ওডিয়া, ৰাজস্থানী, পাঞ্জাবী, গুজৰাটী, মাৰাঠী আদি উত্তৰ আৰু পশ্চিম ভাৰতীয় এইকেইটা অঞ্চলৰ ভাষাতকৈ অনেক পিছত গঢ় লৈ উঠা ভাষা৷ কিন্তু তুলনামূলকভাৱে গৰিষ্ঠসংখ্যক মানুহৰ ভাষালৈ ৰূপান্তৰিত হোৱাৰ ফলত ক্রমান্বয়ে এই ভাষাৰ প্রচাৰ আৰু প্রসাৰ বাঢ়ি আহিল৷ আনকি নেপাল আৰু কাশ্মীৰপর্যন্ত ইয়াৰ সীমা বুজিব পৰাকৈ আৰু ব্যৱহাৰ কৰিব পৰাকৈ বাঢ়ি গ’ল৷ আনকি এই অঞ্চলসমূহৰ প্রাচীন লেখক–লেখিকাসকলৰ্ ৰচনাৰ অনেক পৃথকতা হিন্দীৰ লগত থাকিলেও, হিন্দীৰ সমগোত্রীয় ভাষাস্বৰূপে এনে লেখকসকলৰ ৰচনাও হিন্দীৰ পূর্বৰ ৰূপস্বৰূপে গ্রহণ কৰাও দেখা গ’ল৷ আনকি ৰামচৰিত মানস, মীৰাবাই, সন্ত কবীৰ আদি সন্তসকলৰ ভাষা হিন্দী নাছিল যদিও এতিয়া পুৰণি হিন্দীস্বৰূপেই মানুহে লাহে লাহে গ্রহণ কৰিবলৈ ধৰিলে৷
উল্লেখ্য যে বর্তমানৰ হিন্দী বলয়ৰ এনে সৰু–ডাঙৰ পুৰণি ভাষাসমূহৰ লগত, দক্ষিণ ভাৰতীয় ভাষাৰ কথা নকওঁৱেই পূর্ব ভাৰতীয় অসমীয়া, বাংলা, ওডিয়া আদি ভাষাৰ তেনে কোনো সম্পর্ক থকাৰ প্রশ্ণই নুঠে৷ এই ভাষাসমূহৰ নিজস্ব সুদীর্ঘ ৰূপগত আৰু ধ্বনিগত ইতিহাস আছে৷ ইতিহাস আছে প্রায় সপ্তম–ষ্টম শতিকাৰ পৰা এই ভাষাসমূহৰ বিভিন্ন সমলৰ৷ সংসৃকতৰ পৰা তিনিটামান ঢ়াপ পাৰ হৈ আহি লাভ কৰা পূব ভাৰতৰ এই তিনিটা ভাষাৰ ক্ষেত্রত যদি উত্তৰ ভাৰতীয় পূর্বৰ সৰু–ডাঙৰ ভাষাসমূহৰ দৰে হিন্দীৰ লগত দূৰণিবটীয়া সম্পর্ক আছে বুলি কোৱা হয়, সি হ’ব এটা ভ্রান্তিৰ পৰিচায়ক৷ ক’বলৈ গ’লে এনে ভ্রান্তিৰ পৰা মুক্ত হ’ব নোৱাৰি বিশেষকৈ এই তিনিখন ৰাজ্যৰ ভাষাৰ ঠাইত শিক্ষা, চাকৰি, ব্যৱসায়ত হিন্দী প্রয়োগ কৰাৰ অবৈজ্ঞানিক সিদ্ধান্ত গ্রহণ কৰি প্রয়োগ কৰিব খুজিলে ইয়াৰ ফল বিপৰীত হোৱাৰে সম্ভাৱনা ঘটিব৷ পশ্চিমবংগত আৰু ওডিশাত কেন্দ্রীয় চৰকাৰৰ এনে সিদ্ধান্ত কার্যকৰী কৰিব নোৱাৰে৷ অসমৰ ক্ষেত্রত মানুহক ভাগ ভাগ কৰি এই কৌশলটো যদি প্রয়োগ কৰে, তাৰ ফল অৱশেষত কেতিয়াও মংগলজনক নহ’ব৷ ভাষাৰ ক্ষেত্রতো আৰু সামাজিক ক্ষেত্রতো৷ তেনে এটা সময় দেখিবলৈ জীয়াই থকাৰ হাবিলাষ আন কাৰোবাৰ থাকিলেও মোৰ সঁচাকৈয়ে নাই৷
মই বহুবাৰ এটা কথা কৈ আহিছেছা৷ যে ভাৰতৰ প্রত্যেক গুৰুত্বপূর্ণ ৰাজ্যিক ভাষাসমূহৰ স্বতন্ত্র বিকাশ আৰু উন্নয়নৰ যত্ন কৰাৰ পৰিৱর্তে যদি সমগ্র ভাৰতবর্ষক সৰু সৰু দেশৰ দৰে একভাষিক দেশ হিচাপে গঢ়ি তুলিব খোজে, আমাৰ ৰাষ্ট্রীয় জীৱন ভাগি কেইবাটুকুৰাও হোৱাৰ সম্ভাৱনাই দেখা দিব৷ ভাৰত চৰকাৰে পশ্চিমৰ মহাৰাষ্ট্রকো ধৰি দক্ষিণ ভাৰতবর্ষত এনে কাম কৰিবলৈ সাহ কৰিব নোৱাৰে৷ ক্ষুদ্র দলীয় ৰাজনৈতিক স্বার্থৰ বাবে এনে কাম কৰিবলৈ যোৱাৰ আগতে ঊনবিংশ শতিকাৰ অসমৰ ভাষাৰ ইতিহাসত এবাৰ চকু ফুৰাওক৷ এটা কথা ভাৰত চৰকাৰে সুদীর্ঘ ভৱিষ্যৎ দৃষ্টিৰে ভাবি চোৱাৰ প্রয়োজন আছে যে ৰাজতান্ত্রিক দেশৰ বাহিৰে পৃথিৱীৰ কোনো দেশত এটা দলে চিৰদিনীয়া শাসন কৰি থকাৰ কোনো ইতিহাস নাই৷ জনসাধাৰণৰ মৌলিক ভাষিক–সাংসৃকতিক অধিকাৰ খর্ব কৰা মানে সেইখিনি মানুহক সমূলে নির্মূল কৰাৰ যত্ন হ’ব৷ কেন্দ্রীয় চৰকাৰে যেন ক্ষমতাত অন্ধ হৈ অসমকে ধৰি নিজৰ দলৰ চৰকাৰসমূহক এনে কার্য কৰাৰ বাবে মৌখিকভাৱে হ’লেও বাধ্য নকৰায়৷ অসমীয়া মাধ্যমৰ প্রাথমিক বিদ্যালয়ত হিন্দী বলয়ৰ পৰা শিক্ষক আনি নিযুক্তি দিয়াৰ সিদ্ধান্ত ভাৰতবর্ষৰ সংবিধানৰ কোনটো ধাৰাই ৰাজ্যসমূহক দি থৈছে, সেই কথাও বিচাৰ কৰি চাওক৷ সদায় মনত ৰাখিবলগীয়া এষাৰ কথা হ’লIndia is one in many, many in one. ভাৰতবর্ষক ভাষিক–সাংসৃকতিক বিচিত্রতাৰে এখন ফুলৰ উদ্যান হৈ থাকিবলৈ দিয়ক৷

You might also like