নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সেনাবাহিনীত ৫৫ পদত মকৰল; ৬ ফেব্রুৱাৰীৰ ভিতৰত আবেদন আহ্বান

প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ ভাৰতীয় সেনাবাহিনীত অচিৰেই পূৰণ কৰা হ’ব ৫৫টা পদ৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি উক্ত খালী পদসমূহ এনচিচি কেডাৰৰ৷ ইয়াৰে ৫০টা পদ পুৰুষৰ আৰু ৫টা মহিলা প্রার্থীৰ বাবে সংৰক্ষিত৷ উক্ত খালী পদসমূহ লেফটেনেণ্ট, কেপ্ঢেইন, মেজৰ, লেফটেনেণ্ট কর্নেল, কর্নেল, ব্রিগেডিয়াৰ, মেজৰ জেনেৰেল, লেফটেনেণ্ট জেনেৰেল, লেফটেনেণ্ট জেনেৰেল এইচএজি, লেফটেনেণ্ট জেনেৰেল–এনএফএছচি আৰু চি’এছ পর্যায়ৰ৷ প্রার্থী স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ ইয়াৰ উপৰি প্রার্থীৰ এনচিচিৰ বি আৰু চি চার্টিফিকেট থকাটো প্রয়োজনীয়৷ বয়স ১ জুলাই ২০২০লৈ ১৯–২৫ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ উল্লিখিত পদ অনুযায়ী দৰমহাৰ নিৰিখ ৫৬,১০০–১,৭৭,৫০০ টকা, ৬১,৩০০–১,৯৩,৯০০ টকা, ৬৯,৪০০–২,০৭,২০০ টকা, ১,২১,২০০–২,১২,৪০০ টকা, ১,৩০,৬০০–২,১৫,৯০০ টকা, ১,৩৯,৬০০–২,১৭,৬০০ টকা, ১,৪৪,২০০–২,১৮,২০০ টকা, ১,৮২,২০০–২,২৪,১০০ টকা, ২,০৫,৪০০–২,২৪,৪০০ টকা, ২,২৫,০০০ টকা আৰু ২,৫০,০০০ টকাসহ ১৫,৫০০ টকাৰ এমএছপি আৰু অন্যান্য ভাট্টা৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইট www.joinindianarmy.nic.in ভিজিট কৰিব পাৰে৷

আবেদন দাখিলৰ অন্তিম দিন ৬ ফেব্রুৱাৰী ২০২০৷

You might also like