কর্মচাৰী ভৱিষ্যনিধি সংগঠনত ৪২১ পদ; ইউপিএছচিৰ আবেদন আহ্বান
ভাৰত চৰকাৰৰ শ্রম আৰু সংস্থাপন মন্ত্রালয়ৰ অধীনত পৰিচালিত কর্মচাৰী ভৱিষ্যনিধি সংগঠনত খালী হৈছে এনফর্চমেণ্ট অফিচাৰ/একাউণ্টছ অফিচাৰৰ ৪২১ পদ৷ ইয়াৰে এছচিৰ ৬২টা, এছটিৰ ৩৩টা, অ’বিচিৰ ১১৬টা, আর্থিকভাৱে দুর্বল শ্রেণীৰ বাবে ৪২টা আৰু অসংৰক্ষিত শিতানত ১৬৮টা পদ আছে৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি ইউপিএছচিয়ে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ আবেদনকাৰী আইনৰ স্নাতক/ব্যৱসায় প্রশাসনৰ স্নাতকোত্তৰ/মেনেজমেণ্টৰ পোষ্ট গ্রেজুৱেট ডিপ্ল’মাধাৰী/চিএছ/চিএ/চিএমএ ডিগ্রীধাৰী হ’ব লাগিব৷ ইয়াৰ উপৰি প্রার্থীৰ প্রশাসনিক/গাণনিক/আইন বিভাগত চৰকাৰী নাইবা প্রতিষ্ঠিত ব্যক্তিগত খণ্ডৰ কোম্পানীত ২ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ আবেদনকাৰীৰ বয়স সর্বোচ্চ ৩০ বছৰ৷ অৱশ্যে বয়সৰ এই সীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে ২৫ টকা অনলাইন মাধ্যমেৰে কর্মচাৰী ভৱিষ্যনিধি সংগঠনৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে দিব নালাগে৷ নিযুক্তিপ্রাপ্তই সপ্তম দৰমহা আয়োগৰ বিধি অনুযায়ী লাভ কৰিব৷ ইচ্ছুকসকলে নিযুক্তি সম্পর্কীয় বিতং তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttp://www.upsconline.nic.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৩১ জানুৱাৰী ২০২০৷