নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ৰে’ল বিভাগত ৪০০ পদ; আবেদন গ্রহণৰ অন্তিম দিন ৬ ফেব্রুৱাৰী

ৰে’লৱে মন্ত্রালয়ৰ অধীনস্থ ৰে’ল কোচ ফেক্টৰীত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি ভাৰতীয় ৰে’লৱে মন্ত্রালয়ৰ তৰফৰ পৰা এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া ট্রেডসমূহ হৈছে– ফিটাৰ (১০০, ৱেল্ডাৰ (১০০), মেচিনিষ্ট (৪০), পেইণ্টাৰ (২০), কার্পেণ্টাৰ (৪০), মেকানিক–মটৰ ভেইকল (১০), ইলেক্ট্রিচিয়ান (৫৬), ইলেক্ট্র’নিক মেকানিক (১৪) আৰু এ চি এণ্ড ৰেফ্রিজাৰেটৰ মেকানিক (২০)৷ প্রার্থীৰ নূ্যনতম শৈক্ষিক অর্হতা দশম শ্রেণী উত্তীর্ণ আৰু সংশ্লিষ্ট ট্রেডত আইটিআইৰ প্রমাণ–পত্রধাৰী হোৱা হ’ব লাগিব৷ বয়স ৮ জানুৱাৰী ২০২০লৈ ১৫–২৪ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে অনলাইন মাধ্যমেৰে সাধাৰণ, অ’বিচি আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীয়ে ১০০ টকা পৰিশোধ কৰিব লাগিব৷ সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে কোনো মাচুল দিব নালাগে৷ নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে দৰমহাৰ নিৰিখ, বাছনি প্রক্রিয়াকে ধৰি অন্যান্য চর্তাৱলী আৰু অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.rcf.indianrailways.gov.in লগ–ইন কৰিব পাৰে৷

অনলাইনযোগে আবেদন গ্রহণৰ অন্তিম দিন ৬ ফেব্রুৱাৰী ২০২০৷

You might also like